বিষ্ণুৰাভা – মধুস্মিতা শৰ্মা

বিষ্ণুৰাভা
মধুস্মিতা শৰ্মা,
সোণাপুৰ, কামৰূপ মেট্ৰ’
বিষ্ণুৰাভা-
তুমি উভতি আহাঁ
তোমাৰ দেশৰ খাটি-খোৱা
মানুহে  বিচাৰিছে,
তুমি উভতি আঁহা
হত্যা, হিংসা,বেমাৰত
অস্ত যোৱা দেশক
তোমাৰ আলোকেৰে আলোকিত কৰাঁ
অসমৰ আকাশত মীনাৰে
ইন্দ্ৰধনু গঢ়া
জঠৰ অসমীৰ ,অশান্ত বুকুত
তোমাৰ সুৰৰ দেউলেৰে
জীপাল কৰাঁ,শান্তি আনা
তোমাৰ নৃত্যৰ ঝঙ্কাৰত
জাগ্ৰত হওক,আইৰ লুপ্ত শক্তি
প্ৰবাহিত হওক আনন্দৰ ঢৌ
ৰাভা, তুমি আহাঁ
দিঘেলীয়ে তোমাক হাত বাউলি
মাতিছে
ভোকাতুৰ মানুহৰ সংগ্ৰামৰ বাবে
তুমি আহাঁ
তোমাৰ উদাত্ত কণ্ঠত,
জনতাই গৰ্জ্জি উঠক
শোষণৰ বিৰুদ্ধে
কৃষিত বিপ্লৱ আনিবলৈ তুমি আহাঁ
মিছা স্বাধীনতাৰ শেতেলি ভাঙিবলৈ
তুমি আহাঁ
তোমাৰ সেই বন্দুকেৰে শেষ কৰি দিয়া
লুণ্ঠন আৰু ঠগবাজৰ কামিহাড়
উঘালি পেলোৱা ,শতিকাৰ
শেষডাল কলংকিত শিপা
এন্ধাৰ ফালি ফালি
খান্দি আনা তোমাৰ দেশৰ
সূৰুযৰ ৰঙালী পুৱা
তুমি আহাঁ
আইৰ আঁচল শুদা,
ভগ্নীৰ কপাল উকা
সীৰলুৱে সীৰলুৱে লুণীয়া  তেজৰ
সোঁত
মাটি গচকিলেই ভাঁহি আহে
কেঁচা মঙহৰ গোন্ধ।
প্ৰতিজন মানুহৰ হৃদয় জিলিকাবলৈ
শেঁতা মুখত হাঁহি বিৰিঙাবলৈ
তুমি আহাঁ
তোমাৰ নামৰ ফলক লগাই
তোমাক বিক্ৰী কৰা দালালবোৰক
বধিবলৈ তুমি আহা
অলেখ মৃত্যুক টিলিকি মাৰি
তুমি অসমীৰ মাজলৈ
আকৌ উভতি আহাঁ
বিষ্ণুৰাভা তুমি উভতি আহা