অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ(কামৰূপ মহানগৰ জিলা সমিতি)ৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ(কামৰূপ মহানগৰ জিলা সমিতি)ৰ ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ শিলপুখুৰীস্থিত শিৱ মন্দিৰ(অ’টো ষ্টেণ্ড) সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ(কামৰূপ মহানগৰ জিলা সমিতি)য়ে অসমীয়া ভাষা নিঃশেষ কৰা ষড়যন্ত্ৰ বন্ধ কৰক,অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠমান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীৰ লগতে অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত স্থায়ী প্রধান শিক্ষকৰ পদ সৃষ্টি কৰি তাৎক্ষণিকভাৱে নিযুক্তি দিয়াৰ দাবীত এক অৱস্থান ধর্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।এই কাৰ্য্যসূচীত নেতৃত্ব প্ৰদান কৰে AJYCP ৰ কেন্দ্ৰীয় কমিটীৰ কাৰ্য্যনিৰ্বাহক হেমন্ত দাস, যুটীয়া সম্পাদক কবিৰুদ্দিন লস্কৰ, প্ৰচাৰ সম্পাদক ইনামূল হক, AJYCP ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ ৰায় চৌধুৰী,সম্পাদক সুকুমাৰ বৰ্মন। এই কাৰ্য্যসূচীত সহযোগ কৰে প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাধাৰণ সম্পাদক প্ৰদীপ কলিতাকে আদি কৰি প্ৰায় ৫০ জন সদস্য-সদস্যাই অংশ গ্ৰহণ কৰে।আনহাতে,অসমৰ মুখ্যমন্ত্ৰীলৈ লৈ চান্দমাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰি কাৰ্য্যসূচী সমাপ্ত কৰে।