জীৱনত সংঘটিত হোৱা প্ৰতিটো ঘটনাৰে বিশেষ এক মহত্ব থাকে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমাৰ সৃষ্টিত উপলব্ধ হোৱা প্ৰতিটো বিষয় বস্তুৰে এক বিশেষ মহত্ব আছে। অৰ্থাৎ মই উল্লেখ কৰা কথাৰ আচল তাৎপৰ্য এইটোৱে যে, এইখন সৃষ্টিত বিদ্যামান হোৱা বা জীৱনত সংঘটিত হোৱা প্ৰতিটো ঘটনাৰে বিশেষ এক মহত্ব আছে। লাগিলে সেই বিষয়বস্তু একেবাৰে ডাঙৰে হওঁক বা একেবাৰে ক্ষুদ্ৰতমে নহওঁক কিয় ?। মই যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া মোৰ দেউতাই মোৰ অঘাইতং কাৰোকাৰ্য্য বোৰ দেখি প্ৰয়ে মোক এইটোৱে শিক্ষা দিছিল যে, এই সংসাৰত বিৰাজমান প্ৰতিটো বিষয় বস্তুৰে কিবা নহয় কিবা বিশেষ মহত্ব অন্তৰ্নিহিত হৈ থাকে। মোৰ দেউতাই প্ৰায়ে মোক এই কথাষাৰ বৰ যোৰ দি কৈছিল । মোৰ সেই বাল্য অৱস্থাত হয়তো এইবোৰ বিষয়ক লৈ চিন্তা চৰ্চা কৰাৰ বিকশিত হোৱা মস্তিষ্ক নাছিল। কিন্তু লাহে লাহে নিয়তিৰ বিধান অনুসৰি মই ডাঙৰ হৈ আহিলো সেইমতে দেউতাই মোক বাল্য অৱস্থাতে কোৱা সেই কথাষাৰ আজি বাৰুকৈয়ে উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ।চাওঁক আমি প্ৰতিদিনে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ নোযোৱা পৰ্যন্ত যিবোৰ বস্তু,যি বোৰ কাৰ্য সংঘটিত হয় বা আমি নিজ চকুৰে প্ৰত্যক্ষ কৰি থাকো এই প্ৰতিটো দিশতে আমাৰ জীৱনত কিবা নহয় কিবা মহত্ব অন্তৰ্নিহিত হৈ থাকে। আৰু বেছিভাগ সময়তে এই বিষয়ে আমি আমাৰ জীৱনত সংঘটিত হৈ থকা কেতবোৰ স্বাভাৱিক ঘটনা বুলি ইমান গুৰুত্ব প্ৰদান নকৰো। অৰ্থাৎ এইটো প্ৰতিজন মানুহৰে এক স্বাভাৱিক পক্ৰিয়া নহয়নে?। কিন্তু কেতিয়াবা নিজে ৰাতি শুবলৈ যোৱাৰ পূৰ্বে আজিৰ দিনটোত সংঘটিত হোৱা প্ৰতিটো বিষয়ে একেবাৰে ভালকৈ মন্থন কৰি চাবচোন। সেই তেতিয়া আপুনি নিশ্চয় মই কোৱা কথাষাৰ একেবাৰে পূৰ্ণাংগ ৰূপত উপলব্ধি কৰিবলৈ সক্ষম হ’ব। গতিকে আমি প্ৰায়বোৰ সময়ত আওকাণ কৰাৰ স্বভাৱ আমি পৰিত্যাগ কৰিব লাগে। নহ’লে কেতিয়াবা আমাৰ হাতত আহি একেবাৰে মূল্যবান সম্পদ পৰিলেও আমি হয়তো একেবাৰে অলাগতীয়াল সামগ্ৰী বুলি পেলায় দিম বা সেই সম্পদবোৰ আমি আয়ত্ব কৰিবলৈ অক্ষম হৈ থাকিম। আমাৰ জীৱনলৈ কিছু সুযোগবোৰ ঈশ্বৰে অন্যান্য বহু মাধ্যমৰ জৰিয়তে প্ৰদান কৰে। গতিকে সেই সুযোগবোৰ আয়ত্ব কৰিবলৈ নিজৰো কিছু সামৰ্থ্য হ’ব লাগে। আমাৰ অতীততে সংঘটিত হৈ যোৱা ঘটনাৰবোৰৰ বৰ্তমান সময়ত কিছু তাৎপৰ্য অন্তৰ্নিহিত হৈ থাকে। আৰু আমাৰ বৰ্তমান সময়ত সংঘটিত হোৱা ঘটনাবোৰৰ লগত ভবিষ্যতে গৈ এক গভীৰ সম্পৰ্ক অন্তৰ্নিহিত হৈ থাকিব পাৰে। সেয়েহে সদায় মোৰ এই কথাষাৰ মনত ৰাখিব যে,জীৱনত সংঘটিত হোৱা প্ৰতিটো ঘটনাৰে বিশেষ এক মহত্ব থাকে।