প্ৰেম নে অপৰাধ – প্ৰিয়ংকা কছাৰী

প্ৰেম নে অপৰাধ

প্ৰিয়ংকা কছাৰী
বিয়াৰ আগতে তোমাক
মৰমবোৰ জমা দিম বুলি
কেতিয়াও নাভাবিবা ,
মনত ৰাখিবা
প্ৰেমৰ সৰ্বসুখ আহৰণত মত্ত হ’লে
ধ্বংস হোৱাৰ অধিক সম্ভাৱনা ।
যৌনতা বিষয়টো যাৰ বৰ প্ৰিয়
তেনে মানসিকতা লোকৰ
প্ৰেম হ’ব পাৰে জানো সঁচা আৰু প্ৰৱিত্ৰ ।
অনুপ্ৰেৰণাই সপোনবোৰ পূৰঠ কৰে
কিন্তু নষ্ট গ্ৰাহকে জীৱনলৈ অমাৱস্যা নমাই ।
প্ৰেম নহয় অপৰাধ
হ’ব লাগে সজাগ
কিন্তু অস্তিত্বক সংকটত পেলাই প্ৰেম কৰিলে
নিচেই কাষত বিনাশ ।
প্রেমৰ সুধাপান কৰিবলৈ সকলোৱে বিচাৰিব
পিচে কোনে, কাক, কিমান গুৰুত্ব দিব
সময় থাকোঁতেই ভাৱিব লাগিব ।
হিন্দী ডাইলগ এফাঁকি মনত পৰিছে
মহহ্বত ইজ্জত দেনে কা নাম হে
ইজ্জত চিন নে কা নাম নহি
কথাষাৰ বৰ্তমান প্ৰেমৰ বৰ উপযোগী ।
যি প্ৰেমৰ নিয়ম কানুন নামানে
তেনে প্ৰেম কৰোঁতাৰ প্ৰতিশ্ৰুতিৰ
কোনো মূল্য নাথাকে আৰু যাৰ
প্ৰতিশ্ৰুতিৰ মূল্য নাথাকে তেওঁক
সুযোগ দিয়াৰ কথায়ে নাহে ।
যাৰ সঁচা অনুভৱে ভাল পোৱা হয়
কাষ চাপিবলৈ ভয় কৰে,
জানোছা জোনৰ আঙুলিয়ে তৰাৰ কপালত
সেন্দুৰৰ ফোট আঁকিব পাৰে বা নোৱাৰে ।
সেয়ে প্ৰেম কৰিবা ভাৱি গুণি
ন’হলে মৰিবা কলিজা থেকেচি
মা দেউতাৰ মুখখন যাব সেমেকি
চাৰিওপিনে কেৱল হাঁহি হাঁহি হাঁহি ।