এধানি মৰম দিয়া মোক – মুন শৰ্মা

PC - Bob vila
 এধানি মৰম দিয়া মোক
   মুন শৰ্মা, লখিমপুৰ
ভাগ্য খন এনেকুৱা মোৰ বাৰে। প্ৰতিবাৰেই  হুমুনিয়াই  বাৰে বাৰে ওলোৱা দুখৰ চকুলোক বাধা দি সান্তনা  লোৱা অনুপমাই  এটা ধন্যবাদ ঈশ্বৰক দি বহু সময় কোনেও নেদেখাকৈ সুখৰ চকুপানী বিয়া হৈ অহাৰ পৰা প্ৰথম বাৰলৈ অজিৎ বৰুৱাৰ ঘৰত বোৱাই দিলে বুলিয়েই ক’ব পৰা যায়। অৰ্থাৎ আজি  তাইৰ বোৱাৰী ৰূপে বহু বছৰৰ পাছত মন খুলি হেপাহেৰে   হাঁহিচে।বোৱাৰী হোৱাৰ দিনৰ পৰা অকল দুখেই খেদি ফুৰিছিল অনবৰতে তাইক।অন্য একো নাই মাত্ৰ তাইৰ গিৰিয়েক অনন্ত বৰুৱাৰ চৰিত্ৰই তাইৰ মাত্ৰ দুখ আছিল। মনে বিচৰা নাছিল তাই অনন্ত বৰুৱাৰ লগত বিয়া হ’বলৈ কিন্তু মাক দেউতাকৰ বাধ্য ছোৱালী হিচাপে তাই এই বিয়াক অমান্য কৰিব নোৱাৰিলে।সিফালে অনন্ত বৰুৱাৰ মাক দেউতাকে তাইক আগৰ পৰাই জানে যদিও সিহঁতৰ ঘৰুৱা সম্পৰ্ক নাই তথাপি নিজৰ ছোৱালীৰ দৰেই মৰমৰ কৰিছিল।  সেয়ে তেওঁলোকৰ প্ৰস্তাৱ ও  উফৰাই পেলাবলৈ সাহস নকৰিলে।ঘোৰ মদাহী, মদ জুৱাৰ মাজতে  সময় কটোৱা  মাক দেউতাকৰ অবাধ্য,  চহৰ খনৰ এটা অভদ্ৰ লৰা বুলি চিনাকি থকা  সেই চহৰৰ  অন্যতম এঘৰ ধনী মানুহ ৰূপে প্ৰতিষ্ঠিত মুকুট বৰুৱা আৰু নিজৰা বৰুৱাৰ সন্তান অনন্ত বৰুৱাৰ পত্নী ৰূপে হোমৰ গুৰিত সকলোকে সাক্ষী কৰি অহা তাইক অনন্ত বৰুৱাই পত্নী কৰি অনা অনুপমাক কোনো দিন নকৰে  মৰম, সৰু সৰু কথাতে  পাৰে গালি, কৰে শাৰীৰিক মানসিক আঘাত। এক প্ৰকাৰে কবলৈ গলে নিজৰ পত্নী হিচাপে গ্ৰহণ নকৰিলে  কোনো দিনেই। তাৰ মতে অনুপমা কেতিয়াও মোৰ পত্নী হব নোৱাৰে ।এবাৰ টো সকলো সীমা পাৰ কৰি কৈছিল  তোৰ দৰে ছোৱালী মই বজাৰত হাজাৰ টকা দি বহুত কিনিম,  আঁতৰি যা তই  মোৰ জীৱনৰ পৰা। মোৰ বাবে তই  এবিধ বিহ। লগতে আৰু কিবা কিবি মাক দেউতাকক আৰু তাইৰ ঘৰ খনক গালি পৰা খিনি আছেই বেলেগকৈ।সেই দিনা অনন্ত বৰুৱাক প্ৰতি দিনেই সহ্য কৰা   অনুপমা সহ্য কৰিব পৰা নাছিল। কিন্তু তাই কৰিব কি কৰিব পৰতো একোৱেই নাই। উপায়হীন হৈ  বহু সময় ৰুমৰ দুৱাৰ মাৰি সোমাই আছিল আৰু অকলে মাত্ৰ ফেঁকুৰি কান্দিছিল।দিনবোৰ গৈয়েও আছিল সময়ৰ সুতত বহুতো পৰিবৰ্তন হৈছিল আৰু যিবোৰ হোৱাৰ নাছিল সেয়াও পৰিবৰ্তন দিশে গতি কৰিছিল।কিন্তু অকণো পৰিবৰ্তন হোৱা নাছিল অনন্ত বৰুৱাৰ চৰিত্ৰ আৰু তাইৰ প্ৰতি তাৰ মানসিকতা। কিন্তু জগতত পৰিবৰ্তন নহয় কি!দুদিন দেৰি  হব কিন্তু  এনে একো নাই যি পৰিবৰ্তনৰ বতাহৰ পৰা মুক্ত থাকিব পাৰে।ঠিক তেনে দৰেই এদিন পৰিবৰ্তনৰ বতাহ গাত লাগিছিল অনন্ত বৰুৱাৰ।  সেয়া আছিল আজি কিছু দিনৰ আগৰ কথা হঠাৎ অনন্ত বৰুৱাৰ লগতে গোটেই ঘৰখনত লাগিছিল  হাহাকাৰ।কাৰণ এদিন ৰাতি তাক পুলিচে বিচাৰি আহিছিল আৰু তাক আটক কৰি লৈ গৈছিল পাছত গম পোৱা মতে সি এটা মাদাৰ কেছ আৰু নাৰী সম্পৰ্কীয় কেচত নাম সাঙোৰ খাইছিল।পিছত আদালতত বিচৰা হোৱাত সি দোষী সাব্যস্ত হৈ ৰঙা ঘৰৰ আলহী হব লগা হৈছিল। তাতেই এদিন অনুপমা সি কৈছিল কান্দি কান্দি বাৰে বাৰে কৈছিল মই নিৰ্দোষী মোক কোনোবাই ফচাইছে, মই মাদাৰ কৰা নাই আৰু সেই নাৰী জনী সম্পৰ্কীয় গোচৰত জড়িত নহয়।সিফালে অনুপমাই কথাটো বহুত সময় ভাবিছিল আৰু তাইৰ মনে ধৰিছিল অনন্ত বৰুৱা যদিও চৰিত্ৰ বেয়া তথাপি এনেকুৱা কাম সি কেতিয়াও নকৰে। তেনেতে গোপন সূত্ৰ পৰা গম পালে যে  এই ঘটনাত অনন্ত বৰুৱা দোষী নহয়।ফলত দুজন মান বিশ্বাসী মানুহ লগ লাগি অনন্ত বৰুৱাক নিৰ্দোষী কৰিবলৈ উঠি পৰি লাগিল। এদিনতে সফলতা পোৱা নাছিল সিহঁতে, আন কি এবাৰ অনুপমা আঘাত পাপ্ত ও হৈছিল আনকি নিজৰ জীৱনলৈ ভাবুকি ও নামি আহিছিল। কিন্তু সকলো নেওচি  এদিন সফলতা লাভ কৰিছিল লগে লগে সিহঁতে তথ্য সহকাৰে প্ৰমাণ কৰিছিল  পুলিচৰ আগত আৰু আদালতৰ মজিয়াত। ফলত মুকলি আকাশৰ তললৈ ওলাই আহিছিল  অনন্ত বৰুৱা নিৰ্দোষী হৈ।ইয়েই কাৰক হৈ পৰিলে লাহে লাহে নিজৰ চৰিত্ৰ শুধৰাবলৈ চেষ্টা কৰিলে অনন্তই  আৰু লগতে  অনুপমা প্ৰতি তাৰ মনত অতদিন থকা ভুল ধাৰণা বুজি উঠিছিল। এদিন তাইক ক্ষমা বিচাৰিছিল তাই ক্ষমা কৰি দিছিল।লাহে লাহে সিহঁত দুটাৰ মাজৰ আগৰ পৰিৱেশ অন্ত পৰাৰ  পথলৈ  গতি কৰিলে।  তাৰেই এদিন অৰ্থাৎ আজি। চাৰিওফালে বিহুৰ ব্যস্ততা অনন্তও বহি থকা নাছিল। সিফালে ঘৰখনত  আনন্দৰে  উপচি পৰিছে,কিয়নো দুখ বেদনাই আগুৰি ধৰাৰ বাবেই আজি তিনি, চাৰি বছৰে কি বহু কি পূজা একোৰে আনন্দ নাহে ঘৰলৈ বুলি।পিছে এইবাৰ আনন্দ আহিছে নামি কাৰণ সকলো সুখী।সময়টো আছিল তেতিয়া  দুপৰীয়া। অনন্ত, অনুপমা দুটাই তেতিয়া নিজৰ ৰুমত। অনন্তই সুধিলে কোৱা এতিয়া তোমাক এইবাৰ বিহুত কি উপহাৰ লাগিব মোৰ পৰা। অনুপমাই একো নালাগে বুলি কলে। অনন্তই পাতিলে থেহ। তাকে দেখি এটা মিঠা হাঁহিৰে বিচাৰিলে মনোৰমা এটা উপহাৰ । সেয়া আছিল  মোক তুমি এনেদৰেই আজীৱন মৰম দি থাকিবা, এইয়াই মোৰ বাবে হব।বিহু পূজা যিয়েই নহওঁক সকলোৰে বাবে সকলোকৈ ডাঙৰ উপহাৰ।তাকে শুনি এটা মিঠা হাঁহি  অনন্তই মাৰি বাৰু দিয়া তুমি কৈছা যেতিয়া সেয়ে হব কৈ কপালত চুমা আঁকি আঁতৰি গ’ল।আৰু অনুপমাই ৰুমৰ পৰাই ওলাই যোৱা অনন্তলৈ চাই থাকোতেই ওলাই আহিল সুখৰ  এজাক  চকুলো।