সকলো মানুহে সমান- চন্দ্ৰ শেখৰ পৰাজুলী

Pc letters to the News President 2.0
সকলো মানুহে সমান
              আমি এই সংসাৰত জন্ম গ্ৰহণ কৰাৰ লগে লগে আমাৰ প্ৰথম পৰিচয় হ’ল আমি প্ৰত্যেকে একো একোজন মানুহ । তথাপিও কিন্তু তাৰ পৰিৱৰ্তে আমি নিজকে জন্মৰ লগে লগেই হিন্দু, মুচলমান,খ্ৰীষ্টান, বৌদ্ধ, জৈন আদি অনেক ভাগত বিভক্ত কৰি দিয়া দেখা পাওঁ। তাতে আকৌ আমাৰ শান্তি নহয় সেইবাবে একো একোটা সম্প্ৰদায় বা জাতিত বিভক্ত কৰি দিয়া হয়। ইয়াতো আকৌ ব্যক্তিগত কৰ্ম,কাৰ্য আৰু ধন-সম্পত্তিৰ আধাৰত এজনে আনজনৰ মাজত প্ৰভেদ সৃষ্টি কৰা দেখা যায়। আচলতে এইটো মোৰ মতে ভাবিবলৈ গলে এনে সাধাৰণ কথা। কাৰণ সকলো মানুহকে শ্ৰেষ্ঠত্বাৰ প্ৰদৰ্শনৰ প্ৰতিযোগিতা নিজকে আনৰ তুলনাত সৰ্বশ্ৰেষ্ঠ সিদ্ধ কৰি তুলিবলৈ এক অন্তহীন যুদ্ধ । ইয়াতে যুদ্ধ শব্দটো এইবাবে ব্যৱহাৰ কৰিছোঁ যে, আমি অনেক দুখ,কষ্ট, নানান শাৰীৰিক আৰু মানসিক যন্ত্ৰণা পাৰ কৰি এনেধৰণৰ প্ৰতিযোগিতাত অবতীৰ্ণ হৈছোঁ যে ইয়াৰ আচল পৰিসমাপ্তি বা সঠিক অন্তৰ কথা আমি আগতীয়াকৈ সকলোৱে গম পাওঁ তথাপিও এক মূৰ্খ মানুহৰ সাদৃশ্য এই অন্তহীন যুদ্ধত নামিবলৈ সকলোৱে বাধ্য হৈ পৰিছো নহয়নে?। সেয়েহে এই সকলোবোৰ বস্তুৰ পৰা অলপ ওপৰলৈ উঠি কেৱল আমি জন্মসূত্ৰে লাভ কৰা আমাৰ আচল অস্তিত্বক আধাৰ হিচাপে লৈ জীৱন নিৰ্বাহৰ পথ সুগম কৰি তুলিব নোৱাৰি নেকি ?। যদি পাৰি তেন্তে কাৰ জৰিয়তে আমাৰ মস্তিষ্কত বাধা উৎপন্ন হৈছে?। এতিয়া বহুতৰ মনত প্ৰশ্ন এটি উত্থাপন হব পাৰে আমি সংসাৰত জীৱন নিৰ্বাহ কৰিবলৈ কাৰোবাক নহয় কাৰোবাক আধাৰ হিচাপে ধৰি ললেহে জীৱন নিৰ্বাহৰ পথ সুগম আৰু সুন্দৰ হৈ পৰে। সচাকৈ এই কথাটো ময়ো উপলদ্ধি কৰিবলৈ সক্ষম। চাওঁক তেন্তে আমি জন্ম সূত্ৰে মানুহৰ ৰূপত জন্মগ্ৰহণ কৰাৰ লগে লগে একো একোটা ধৰ্ম আৰু সম্প্ৰদায় আমাৰ অনিচ্ছা সত্বেও আমাৰ পৰিচয় হৈ পৰেগৈ। সেয়েহে জন্মসূত্ৰে পোৱা পৰিচয় আৰু আমাৰ আধাৰ হিচাপে লৈ আমি নিজৰ প্ৰথম পৰিচয় মানুহৰ ৰূপত আনৰ আগত দাঙি ধৰিবলৈ কিয় সংকুচিত হৈ পৰো । যি,যেনেকৈ আছে তাতে, তেনেকৈয়ে থাকিব দিয়কচোন। সকলো মানুহৰে নিজ,নিজ ধৰ্ম,সম্প্ৰদায়ৰ নিজৰ বাবে শ্ৰেষ্ঠ।তাতে আমি আকৌ আনক ঘৃণা,হিংসা, নিন্দা কৰিলে আমাৰ মানসিক শান্তিৰ বাহিৰে অন্য একো লাভালাভ হ’ব বুলি মই নাভাবো। নিজৰ মানসিক শান্তিৰ বাবে আমি প্ৰকৃত সত্যৰ পৰা আতৰি আহিব পাৰিম জানো ?। ইয়াত সৰ্বশ্ৰেষ্ঠ  আৰু সৰ্বনিম্ন মানুহ বুলিবলৈ কোনোৱেই নাই। সেয়েহে নিজে আজৰি থকা সময়ত অকমান দহকৈ সুস্থ মগজুৰে ভাবিলে আমি গম পাওঁ ইয়াতে সকলো মানুহে সমান।
চন্দ্ৰ শেখৰ পৰাজুলী
                    বিশ্বনাথ চাৰিআলি, অসম