মই মাথোঁ তোমাৰ প্ৰেমিক- মুন শৰ্মা

Pc Pixabay
চুটিগল্প:-
মই মাথোঁ তোমাৰ প্ৰেমিক
চহৰ খনত অৱশেষত অন্ত পৰিল ভয় লগা পৰিৱেশ। ইমান দিন ধাৰাবাহিক ডকাইতি, হত্যা, অপহৰণ ঘটনা ঘটাই চহৰখন  অশান্ত কৰি ৰখা  ৰমেশ কুমাৰ আজি পুলিচৰ হাতত  মৃত্যু হ’ল। ডেকা, দক্ষ  পুলিচ বিষয়া মিষ্টাৰ সুৰেশ মালহোত্ৰাৰ দুই জাই গুলীৰে আজি  নিশা শেষ কৰিলে তাৰ ইমান দিনৰ খেল।
মিষ্টাৰ মালহোত্ৰাৰ ইচ্ছা নাছিল তাক গুলীয়াবলৈ।তথাপি বাধ্য হৈ গুলী কৰা এসময়ৰ মিত্ৰ পাছত শত্ৰু হৈ পৰা অপৰাধীটোৱে মিষ্টাৰ মালহোত্ৰাৰ ব্যক্তিগত জীৱনলৈ ও ভাবুকি আনিছিল। কাৰণ তেওঁৰ পত্নীক সি কৰিছিল হত্যাৰ চেষ্টা। প্ৰথমে ধৰিব পৰা নাছিল এইয়া কোনে কৰি আছিল কিন্তু অনুসন্ধানৰ ফলত এদিন মিষ্টাৰ মালহোত্ৰাই গম পাইছিল অকালৰ তাৰ বন্ধু ৰমেশ কুমাৰে অকলেই কৰি আছে ইটোৰ পিছত সিটো অপৰাধ।
বন্ধু  হোৱাৰ বাবে এদিন মিষ্টাৰ মালহোত্ৰাই  গোপনে আৰু  অকলে লগ কৰি সকলো বুজাইছিল তাক এইবোৰ এৰি আত্মসমৰ্পন  কৰি নতুন জীৱন ল’বলৈ আদেশ দিছিল। কিন্তু সি সকলো হাঁহি মুখে  সকলো অমান্য কৰি ওলোটাই মিষ্টাৰ অৰুণ মালহোত্ৰাক চেলেঞ্জ হে কৰিলে  তাক গ্ৰেপ্তাৰ কৰি দেখাবলৈ।
সি চতুৰ আছিল  সেয়ে বাৰে বাৰে ব্যৰ্থ হৈছিল  পুলিচ বিভাগ। ফলত এফালে জনসাধাৰণ আন ফালে মিডিয়াই হেঁচা মাৰি ধৰিছিল  চহৰৰ পুলিচ বিভাগটোক। সিফালে ওপৰৰ পৰা বাৰে বাৰে সিহঁতৰ বিফলতাৰ বাবে বহুত কিবা কিবি শুনিব লগা হোৱাৰ বাবে  থানা খনৰ  মিষ্টাৰ মালহোত্ৰা কে আদি কৰি সাধাৰণ কনিষ্টবল জনলৈ লৈকে টোপনি নহা হৈছিল।
মূৰৰ কামোৰণি হৈ পৰা এই অপৰাধীৱে  এদিন ৰাতি আহিছিল মিষ্টাৰ মালহোত্ৰাৰ ঘৰলৈ। তেতিয়া নাছিল  ঘৰত মালহোত্ৰা।অকলে থকা মালহোত্ৰাৰ পত্নীক লগ কৰিছিল । পত্নীক মানা কৰিছিল  মালহোত্ৰাক এই বিষয়ে জনাবলৈ। প্ৰথমে ভয় খোৱা মালহোত্ৰাৰ পত্নীয়ে  পাছত তেওঁক যেতিয়া ৰমেশ কুমাৰে ভয় কৰিব নালাগে মই একো অনিষ্ট নকৰোঁ মাত্ৰ তোমাকদুটামান কথা ক’বলৈ হে আহিছোঁ,তেতিয়া তেওঁ ৰমেশ কুমাৰৰ কথা মালহোত্ৰাৰ পৰা দূৰত ৰাখিলে কাৰণ ৰমেশ কুমাৰ     তেওঁৰ পত্নী ৰোহিণী মালহোত্ৰা আগৰ পৰাই চিনাকি।কলেজত যেতিয়া পঢ়ি আছিল তেতিয়া মালহোত্ৰাই চিনাকি কৰি দিছিল প্ৰথম তেওঁৰ লগত লাহে লাহে সিহঁত দুটাৰ লগত ভাল বন্ধুত্ব হৈছিল  ৰোহিনী মালহোত্ৰাৰ।
সেই নিশা বহু সময় সিহঁত দুটাই কথা পাতিছিল কলেজৰ কথা অতীতৰ কথা, সিহঁতৰ বন্ধুত্বৰ কথা। কবিতা ভালপোৱা ৰমেশ কুমাৰে সেই  কলেজীয়া দিনতে তাইৰ বাবে লিখা কবিতাটো ৰোহিনী মালহোত্ৰাক শুনাইছিল।তাক শুনি  ৰোহিনী মালহোত্ৰা নষ্টালজিক হৈ পৰিছিল। সদৌ শেষত ৰোহিনী মালহোত্ৰাক  ৰমেশ কুমাৰে দিছিল  ভালপোৱাৰ প্ৰস্তাৱ। আচৰিত হৈ পৰিছিল  কথা শুনি মূহুৰ্ততে ৰোহিনী মালহোত্ৰা।কাৰণ সি জনা আছে অৰুণ মালহোত্ৰাৰ লগত তাৰ বিয়া হৈছে গতিকে তাই বিবাহিত।
তাই আপত্তি কৰিছিল কথাবোৰ। কি কথা কৈছা ৰমেশ। তুমি জনাই মই বিবাহিত মহিলা তোমাৰ ভালপোৱা কেনকৈ হ’ব পাৰে তুমি পাগল নেকি? কিন্তু ৰমেশ কুমাৰে তাইৰ কথা নামানে সি মাত্ৰ তাইক ভালপাব বিচাৰে আৰু পত্নী ৰূপত চাব বিচাৰে । বাৰে বাৰে আমনি কৰি থাকিল তাইক এটা সময়ত তাৰ দেহত হাত দি তাইক মনাবলৈ যত্ন কৰিলে ।সিফালে ৰোহিনী মালহোত্ৰা খং গৈ চুলিৰ আগ পালেগৈ ফলত তাক টানকৈ কৈ দিলে, আঁতৰি যা” তই ইয়াৰ পৰা বাৰু বহু কিবা কিবি আৰু মিষ্টাৰ মালহোত্ৰাক ফোন লগাবলৈ চেষ্টা কৰিলে।
ফোন লগোৱা দেখি  ৰমেশ কুমাৰে মোহিনী মালহোত্ৰাৰ হাতৰ পৰা ফোন কাঢ়িলে আৰু খঙত গৰজি উঠিল….. কোন সেইটো হা,কোন সেইটো। মিষ্টাৰ অৰুণ মালহোত্ৰা।এটা সময়ৰ বন্ধু এতিয়া এটা পুলিচ বিষয়া। চালা কুকুৰ সেইটো, মোৰ ভাললগা বোৰ  লৈ কাষৰ পৰা আঁতৰাই লৈ যোৱা এটা অধম সি।
তুমি জানা ৰোহিনী.. মই এজনী ছোৱালীৰ প্ৰেমত  পৰিছিলো  আৰু প্ৰেমৰ প্ৰস্তাৱ দিব বিচাৰিছিলো কিন্তু মোৰ সাহস হোৱা নাছিল,বন্ধু হিচাপে তাৰ সহায় বিচাৰিছিলো কিন্তু সি মোক সহায় কৰিম কৈ নিজৰ প্ৰেমিকা বনালে আৰু মোক দুখৰ আগত চিৰদিনলৈ বিলীন কৰি আঁতৰি গ’ল।
তাই কোন জনা ৰোহিনী। অই ৰোহিনী তাই কোন জনা…তাই  জনী  মাথোঁ তুমি আছিলা ৰোহিনী  তুমি মাথোঁ তুমি। ৰোহিনী প্লিজ, মোক ভালপোৱা তুমি। মই তোমাক প্ৰেমিকা ৰূপত বিচাৰোঁ। আৰু..আৰু সোনকালে আমাৰ বিয়া হ’ব। ৰোহিনী,তুমি মোৰ পত্নী হ,বা ৰোহিনী, প্লিজ  ৰোহিনী।
এনেকৈ বহু সময় পাগলৰ দৰেই  আহা… আহা  কৈ তাইক হাতত ধৰি ঘৰৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰিলে। লগে লগে চৰ মাৰি দিলে ৰোহিনীয়ে।  ইমান সময়ে তাইক গালে মুখে হাতে ভৰিয়ে চুই কথা কোৱা  বাবে খঙত একো নাই হৈ। আৰু স্পষ্ট  কৰি দিলে যে দ্বিতীয় বাৰ যাতে এনেকুৱা কোনো দিন নকৰে আৰু ভৱিষ্যতে আকৌ ইয়ালৈ নাহে আৰু  পলম নকৰি ঘৰৰ পৰা যাবলৈ। নহলে মিষ্টাৰ মালহোত্ৰা আহিব লাগিলে আধ্যা পৰিব সকলো বুলি সতৰ্কবাণী শুনালে।
সি তাইৰ কথাত খঙত একো নাই হ’ল।তাইক আকৌ হাতত দৰেই সেই বাৰ মৰমৰ নহয় খঙত  তাইক লৈ যাবলৈ ওলাল সিফালে ৰোহিনীয়ে যিমান পাৰে জোৰ লগাইছে তাৰ হাতৰ পৰা ওলাই আহিবলৈ।
লগে,লগে টনা আজুৰা আৰু কোলাহল নামি আহিল ঘৰ খনত। তাকে দেখি, শুনি কাষৰ মানুহে খবৰ দিলে তাৰেই সন্ধানত ব্যস্ত থকা মিষ্টাৰ মালহোত্ৰাক। খবৰ পায় লৰালৰিকৈ ঘৰ পাই দেখে সিহঁতক দুটাক। মালহোত্ৰাক দেখাৰ লগে লগেই ৰমেশ কুমাৰে ৰোহিণীৰ মূৰত পিষ্টল লগাই সাৱধান কৰি হাঁহি উঠিল।
হা,হা, বন্ধু স্বাগতম। সকলো নিলি মোৰ পৰা  এতিয়া  মোক একো নালাগে কিন্তু তই নিয়া মোৰ ভালপোৱা  মই লৈ যাব আহিলো বেয়া নাপাবি দেই। আৰু এটা কথা এইটো মোৰ ভালপোৱা লৈ গুচি গলে  তাই বৰ দুখ পাবি।যদিও এইয়া মোৰ ভালপোৱা কিন্তু তোৰো যে তাই পত্নী।সেয়ে ভাবিছোঁ তই যাতে দুখ পাব লগা নহয়  সেয়ে তোমাক ইয়াতে শেষ কৰি  যাওঁ। আৰু শুনিবা এটা কথা মৰাৰ আগত মোৰ জীৱন নষ্ট কৰাৰ কাৰক তুমি।মই ডকাইত মই হত্যাকাৰী মই অপহৰণকাৰী হোৱাৰ মূলতে তই, মোৰ কলেজ জীৱন শেষ হৈছিল তোৰ বাবেই,  তইয়ে  সৃষ্টি  কৰিছিলি মোৰ বৰ্তমান ৰূপত। এদিন তহঁত দুটাৰ কথা ভাবিছিলো তাৰ পাছত সিদ্ধান্ত লৈছিলোঁ তোক হত্যা কৰাৰ।কিন্তু সুযোগ পোৱা নাছিলো তোক হত্যা কৰিবলৈ সিফালে মই তোক হত্যা কৰিব নোৱাৰা মানসিক হতাশত ভুগিছিলো সেয়ে ইয়াৰ দুখ আঁতৰ কৰিবলৈ লগতে তোৰ মূৰ নষ্ট কৰিবলৈ ইটো পিছত সিটো হত্যা কৰি আহিছিল। মই জনা আছিল তই এদিন মোক বিচাৰি আহিবি তাৰেই সুযোগত তোক হত্যা কৰিম।এদিন আহিছিলি হঠাৎ মোৰ কাষলৈ পিছে সিদিনা মোৰ মা” মৃত্যু তিথি আছিল বাবেই মই তোক হত্যা কৰা নাছিলো আৰু আজি মোৰ ওপজা দিন মনে বিচাৰিছিল ৰোহিনীক আজি মই লৈ যাম আৰু তোক ইয়াতে ওপৰলৈ পঠাই দিম।
কথাটো  শুনি প্ৰথমে অলপ ভয় খাইছিল যদিও  পিছলৈ সাহস আনি মিষ্টাৰ মালহোত্ৰাই কৈ উঠিল…  বন্ধু, বহুতবাৰ সুযোগ পায়ও তোক গুলী কৰা নাই। ওপৰলৈ মইও বহু আগতেই তোক পঠাব পৰিলোঁ হেঁতেন কিন্তু মানৱতাৰ কথা  ভাৱিয়েই। কিন্তু আজি তই নহয়,মই হে শেষ কৰি দিম তোক,বেয়া নাপাবি ।তোৰ দৰে মানুহৰ এই পৃথিৱীত  থাকি লাভ নাই। এজন মানুহৰ প্ৰতিশোধৰ নিচাত বাৰটাকৈ নিৰ্দোষী মানুহ যেতিয়া তই মাৰি দিলি তাৰ বাবে তোক আৰু ক্ষমা কৰিব নোৱাৰি। তই এটা মহা পাপী।  মোৰ কোনো ভুল নাছিল অতীত যি হৈছিল সেয়া সময় আৰু ভাগ্যৰ খেল আছিল।কিন্তু কথাটো তই আজিও নুবুজিলি। যি নহওঁক আৰু একো নকওঁ বন্ধু।তোক খুব ভাল পাইছিলো আজিও ভাল পাও  তথাপি  যেনেকৈ মই তোৰ প্ৰেমিকা জনী তোৰ কাষৰ পৰা  আঁতৰাই আনিবলৈ সময়ে দায়িত্ব দিছিল ঠিক তেনে দৰেই মোক তোৰ প্ৰাণ কাঢ়ি নিবলৈ ও সময়ে  দায়িত্ব দিলে। বিদায় বন্ধু।
     মুন শৰ্মা,লখিমপুৰ