মই নাৰী
চুমিয়া আকতাৰা
উদমাৰী, নগাঁও
মই নাৰী
দুৰ্বল নহয়,
মই নাৰী
বান্দি নহয়,
মই নাৰী
কয়েদী নহয়,
মই নাৰী
খেলনা নহয়।
মই নাৰী
দাপোণ তোমাৰ চেহেৰা চোৱাৰ।
মই নাৰী
প্ৰেৰণা তুমি আগুৱাই যোৱাৰ।
মই নাৰী
মাতৃ তোমাৰ সন্তানৰ।
মই নাৰী
ৰক্ষক তোমাৰ জীৱনৰ।
