জীৱন – লখিমী শৰ্মা

PC-Open The Bible
জীৱন 
লখিমী শৰ্মা, যোৰহাট
হেলাৰঙে অতিক্ৰম কৰি
 আগবাঢ়ি অহা জীৱনৰ ,
নানা ঘাট – প্ৰতিঘাটক নেওচি
নিজকে ব্যস্ত ৰাখি ,
জীৱন জীয়াই আগুৱাই গৈ
সফলতাৰ দিশে অগ্ৰগতি কৰি ,
আগুৱাই যাব পৰাটোৱেই
জীৱনৰ সুন্দৰ এক মুহুূৰ্ত ।
ব্যস্ত চহৰৰ ব্যস্ত মানৱৰ
আজি কিঞ্চিত মানো সময় নাই
আনৰ বাবে ভাবিবলৈ ,
স্বাৰ্থপৰ পৃথিৱীৰ
স্বাৰ্থ ৰাখি আগুৱাই যোৱা
অসৎ মানুহৰ ,
এনে কিছু আছে যেন
 তেওঁলোকৰ গাত ,
 মানৱতাৰ গুণ থকাটো দূৰৰে কথা
সহায়ৰ নামত ওলটাই
ঠাট্টা মস্কৰা হে কৰে গৈ ।
তাতে কিছুয়ে কয়
হায় – ৰে জীৱন
নিজৰ কৰ্মদক্ষতাৰ ওপৰত
ভৰসা ৰাখি সুকলমে আগবাঢ়ি
যোৱাৰ প্ৰয়াসেৰে ,
হাঁহি – হাঁহি জীৱন জীয়াই থকা
ব্যস্ত হোৱা যেন
 নিজৰ মাজতেই বিলীন হৈ ,
সকলো পাহৰি মগ্ন হোৱা
 নিজক বিচাৰি ,
গঢ়ি তোলা এক সুবিশাল মন লৈ
মনত সাহস আৰু শক্তি বান্ধি
নিজ – নিজ কৰ্মৰাজিক লৈ
আৰু দেখুওৱাই দিয়া
জগতক তুমি ,
মূলাগাভৰু , কনকলতা দেশৰ জীয়ৰী বুলি  ।।