আইদেউ সন্দিকৈৰ জীৱনৰ এচোৱা দুখ লগা সময়-মুন শৰ্মা

Pc Puhor Bisari Jau
আইদেউ সন্দিকৈৰ জীৱনৰ এচোৱা দুখ লগা সময়
আমি জানো প্ৰথম খন অসমীয়া বোলছবিৰ নাম “জয়মতী”। যিখন ১৯৩৩চনত মুক্তি পাইছিল। কোনো বোলছবি নিৰ্মাণৰ পৰিৱেশ নথকাকৈয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে  নিৰ্মাণ  কৰি বোলছবি জগত খনত অসমৰ নাম অন্তৰ্ভুক্ত কৰি যি ইতিহাস ৰচনা কৰিছিল তাৰ সমানেই  জয়মতীৰ নাম ভূমিকাত অভিনয় কৰি ইতিহাস ৰচিছিল গোলাঘাট জিলাৰ আমাৰ সকলোৰে পৰিচিত আইদেউ সন্দিকৈয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰৰ মুখ্য অভিনেত্ৰী ৰূপে।
এই গৰাকী মহান অসমীয়া নাৰীয়ে জন্ম গ্ৰহণ কৰিছিল  ১৯২০ চনৰ চ’ত মাহত গোলাঘাট জিলাত।অভিনয় কৰাৰ দোষতে এচোৱা কাল সমাজে অৱহেলা কৰা  সহজ-সৰল আইদেউৰ দেউতাক আছিল নীলাম্বৰ সন্দিকৈ আৰু মাক মালক্ষী। আৰু তেওঁলোকৰ আছিল তেখেত প্ৰথম সন্তান।
 জ্যোতিপ্ৰসাদ দেৱৰ দায়িত্ব পাই ডিম্ব  বৰগোহাঁইয়ে  তেওঁৰ বন্ধু নীলাম্বৰ সন্দিকৈক কৈ  আইদেউৰ ফটো তুলি  নিয়াৰ পৰা ছবি খনৰ সকলো অভিনয় শেষ হোৱালৈ ঠিকেই থকা আইদেউৰ জীৱনলৈ দুখৰ উপৰত দুখ নামি আহিছিল অভিনয় শেষ কৰি তেতিয়া ঘৰত  ভৰি দিছিল। কাৰন তেতিয়া গোটেই গাঁওত মানুহৰ মুখে মুখে অকল আইদেউৰ কথাহে আলোচনা হ’বলৈ ধৰিলে আৰু ৰক্ষণশীল মানসিকতা ভৰি থকা সকলোৰে চকুত বাইদেউ এজনী নষ্ট  আৰু বেয়া ছোৱালী ৰূপে দেখা দিলে। আন কি মাকে ও আইদেউক ঘৰত সোমাব দিয়া নাছিল। গোহালিৰ কাষতে এটা ঘৰ নিৰ্মাণ কৰি তেওঁক থাকিব দিছিল। গাঁৱৰ মানুহে গোটেই ঘৰ খনক পৰাচিত কৰিছিল কিন্তু পৰচিত কৰাৰ পাছতো মানুহৰ মন বোৰৰ পৰা বেয়া বোৰ আঁতৰি নোযোৱাত সিহঁতৰ ঘৰলৈ মানুহ প্ৰায় নহা হৈছিল।  এক প্ৰকাৰে ক’বলৈ গলে তেওঁলোকক গাঁৱৰ ৰাইজে এঘৰীয়া কৰি ৰাখিছিল।
টিক, টিক…. কৈ সময় বোৰ বাগৰি গৈয়েই আছিল কিন্তু পৰিবৰ্তন হোৱাৰ নাছিল আইদেউৰ ভাগ্য। এফালে “মাক” আনফালে গাঁৱৰ ৰাইজ। নিজৰ সিদ্ধান্ত উঠাই ল’বলৈ কোনো আগুৱাই নাহিল। আনকি এক প্ৰকাৰে আইদেউৰ কথা বোৰ চিন্তা কৰি কৰিয়েই ৰুগীয়া হৈ পৰা দেউতাকৰ যেতিয়া ঢুকাইছিল তেতিয়া প্ৰথম অৱস্থাত আইদেউ  দেউতাকৰ মৃতদেহৰ কাষত থকা বাবে সৎকাৰ কৰিবলৈ গাঁৱৰ কোনো লোক আগুৱাই অহা নাছিল।পিছত আইদেউ সেই ঠাইৰ পৰা আঁতৰি অহাত হে সৎকাৰ কৰিবলৈ মানুহ আহিছিল। ইয়াৰ উপৰিও দেউতাকৰ শ্ৰাদ্ধৰ  সকলো কামৰ পৰা তেওঁ আঁতৰি থাকিব লগা হৈছিল।
অন্যহাতে সেই সময় খিনিতে আইদেউৰ এজন ভায়েকৰ আই ৰোগত আক্ৰান্ত হৈ মৃত্যুৱে আইদেউৰ মনত দুখৰ উপৰত দুখ জাপি দিছিল। কোনো জনকে একো কৰিব পৰা নাছিল মাত্ৰ নীৰৱে ৰুমৰ ভিতৰত কান্দিব হে পাৰিছিল।খবৰ বোৰ পায়।
দেউতাক আৰু ভায়েক এই দুজনৰ আঁতৰি যোৱাৰ বাবে বহু সময় লাগিছিল আইদেউক মানসিক ভাবে স্বাভাৱিক হ’বলৈ। মাজে মাজে দেউতাক ভায়েক আৰু  তেওঁৰ জীৱনৰ কথাবোৰ ভাবি মন বোৰ অস্থিৰ হৈ পৰিছিল।  যিবোৰ সহ্য কৰিব পৰা  সমাজে এঘৰীয়া কৰাৰ পাছৰ পৰা আইদেউৰ লগত থকা  গুৰাইডেই নামৰ মানুহ জনক।সেয়ে আইদেউক এইবোৰ পৰা দূৰত ৰাখিবলৈ উপায় হিচাপে তেওঁক বাঁহৰ পাচি, খৰাহী, বিচনী আদি বোৰ বনাব শিকাইছিল ।আৰু কম দিনৰ ভিতৰতে আইদেউৱে এইবোৰ শিকি পেলাইছিল।পিছত তেওঁ বনোৱা সামগ্ৰী বোৰ গুৰাইডেইৰ দ্বাৰা বজাৰত বেচি তাৰ পৰা পোৱা পইচাৰে  তেওঁৰ লাগতিয়াল  বস্তু খিনি কিনি আনিছিল লগতে  তেওঁৰ দ্বাৰাও বজাৰৰ পৰা সূতা কিনি আনিছিল। সিফালে গুৰাইডেইক কাপোৰ বোৱাৰ মন আছে বুলি কোৱাত তেওঁ এখন তাঁতৰ শাল বনাই দিছিল আইদেউক।তাতে তেওঁ নিজৰ লাগতিয়াল কাপোৰ বোৰ বৈ উলিয়াব লৈ আৰম্ভ কৰিলে। এনেকৈ ব্যস্ত থকাৰ বাবেই  দুখৰ মাজতে কিছু হাঁহি বিৰিঙি উঠিছিল এইবোৰ মুখত।
এদিন,” জয়মতী”  বোলছবিত “গদাপাণি” চৰিত্ৰত অভিনয়  কৰা  ফুনু বৰুৱা আহিছিল আইদেউৰ ঘৰলৈ আলহী হৈ। আহি আইদেউৰ জীৱনৰ কথাবোৰ গম পাই   তেওঁৰ মন দুখেৰে ভৰি পৰিল ফলত আইদেউক যে কোনেও বিয়া কৰাবলৈ নাহে  তাক ভাবি  আইদেউক বিয়াৰ প্ৰস্তাৱ দিছিল কিন্তু আইদেউৱে সেয়া গ্ৰহণ  নকৰিলে।
কথাছবি খনৰ কাম শেষ কৰাৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱলাৰ দেৱৰ মৃত্যুৰ সময়লৈকে।  এবাৰো আইদেউৱে তেখেতক লগ পোৱা নাছিল। মনত খুব ইচ্ছা আছিল তেখেতক এবাৰ দেখা পোৱাৰ কিন্তু কোনো দিন বাস্তব  নহ’ল তেওঁলোকৰ দেখা দেখি। আইদেউৱে তেখেতক দিম বুলি গামোচা কাটি ৰাখিছিল ,কিন্তু সেয়া থকা ভাগে থাকিল সদায়।
সিফালে দেশ স্বাধীন হৈও বহু বছৰ গুচি গ’ল পৰাধীন ভাৰতৰ  বহুত কিবা অন্ত পৰি নতুন কিবা আৰম্ভ হৈছিল, কিন্তু আইদেউ অন্ত হোৱা নাছিল তেতিয়াও বহু  বছৰ ধৰি অৰ্থাৎ কৈশোৰ আৰু যৌৱন দুৰ্ভাগ্য জনক ভাবে নষ্ট হৈ জীৱনৰ শেষৰ ফালত অৱস্থান কৰা আইদেউৰ সময় । তেনে সময়তে এদিন ঘৰ খনত হঠাৎ লাগিছিল  হুলস্থুল। কোনোবাই চোতাল চফা কৰা, কোনোবাই ঘৰ খন ধুনীয়া কৰা দৰে বিভিন্ন কামৰ বাবে খৰখেদা সকলোৰে । আইদেউৱে প্ৰথম অৱস্থাত একো ধৰিব পৰা নাছিল।পিছত কোনোবাই কোৱাত জানিলে ত তেওঁক লগ ধৰিবলৈ ঘৰলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। কিছু সময়ৰ পাছতএসময়ত মানুহে ভৰি দিব নিবিচৰা ঘৰ খনত মানুহে উপচি পৰিছিল।
পিচদিনা সেই সময়ৰ প্ৰতিখন বাতৰি কাকতত আইদেউ উপৰত সমাজে কৰি থকা অৱহেলা,তেওঁৰ যন্ত্ৰণা কাহিনী। তেতিয়ালৈ আইদেউ সন্দিকৈ আশীৰো অধিক  বয়স হৈছিল আৰু জয়মতী কৰাৰ সময়ত আছিল ১৪/১৫  মান বয়স। অৰ্থাৎ সুদীৰ্ঘ এচোৱা কাল অন্ত কৰি তেখেতে তেতিয়াই  দেখিছিল এক নতুন জীৱন য’ত নাছিল দুখ আছিল মাথোঁ সকলোতে সুখ,সুখ, সুখ।
        মুন শৰ্মা,লখিমপুৰ বছাগাঁও