এছচিইআৰটিত কেলেংকাৰিত জড়িত পূজামণি দাসৰ ঘৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান

এছচিইআৰটিত কেলেংকাৰিত জড়িত পূজামণি দাসৰ ঘৰত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ জালত পৰিছে এছচিইআৰটিত ১০৫ কোটিটকীয়া কেলেংকাৰিত জড়িত নতুন নতুন ব্লেকমেইলাৰ।এছচিইআৰটিৰ তদানীন্তন সঞ্চালক তথা নিলম্বিত আইএএছ বিষয়া শেৱালি দেৱী শৰ্মাক ব্লেকমেইলিং কৰি কোটি কোটি টকা আত্মসাৎ কৰা তথাকথিত প’ৰ্টেলৰ সাংবাদিক পূজামণি দাসৰ লগতে আন তিনিজনক গ্ৰেপ্তাৰৰ পিছত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে  জালত পেলায় মনোজ দাস, বিদ্যুৎ কলিতা আৰু কেশৱ গগৈক। ইয়াৰ পূৰ্বে হাউলীৰ ডায়েটৰ কৰ্মচাৰী সোণমণি নাথক গ্ৰেপ্তাৰ কৰা হৈছিল। জেৰাৰ বাবে মাতি পঠিওৱা হৈছিল ‘আপ’ দলৰ নিলম্বিত নেতা বিদ্যুৎ কলিতা, আটিআই কর্মী মনোজ দাস আৰু কেশৱ গগৈক৷ প্ৰায় চাৰে তিনি ঘণ্টা জেৰাৰ অন্তত তিনিওকে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে। ইফালে, তদন্তকাৰী দলে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা পূজামণি দাস আৰু ৰবিজিৎ গগৈৰ বাসগৃহত অভিযান চলায়। প’ৰ্টেলৰ সাংবাদিক বুলি চিনাকি দি শেৱালি দেৱী শৰ্মাৰ পৰা ব্লেকমেইলিঙেৰে কোটি কোটি টকা আত্মসাৎ কৰা পূজামণি দাস ওৰফে হানি কাশ্যপৰ দক্ষিণ কামৰূপৰ মিৰ্জাৰ বৰিহাট ফুলগুৰিস্থিত বাসগৃহত তদন্তকাৰী দলে প্রায় ডেৰ ঘণ্টাজুৰি অভিযান চলায় ৷ এই অভিযানৰ অন্তত  পূজামণি দাসক আৰক্ষীৰ দলে লৈ যোৱাৰ সময়ত সংবাদ মাধ্যমৰ আগত ধৃত সাংবাদিকগৰাকীৰ মন্তব্য আছিল-  মোক কোনেও ফচোৱা নাই । চিনাকি আছিল কাৰণে শেৱালি দেৱী শৰ্মাৰ পৰা টকাখিনি ধাৰলৈ লৈছিলোঁ। হঠাতে ধনী হোৱা পূজামণি দাসে লোহাঘাট অঞ্চলত সাত বিঘা ভূমি ক্ৰয় কৰাৰ লগতে গুৱাহাটীতো ফ্লেট ক্ৰয় কৰিছিল, বিলাসী বাহনো ক্ৰয় কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ আনহাতে, মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আৰটিআই কৰ্মী ৰঞ্জিত গগৈৰ ভেটাপাৰাৰ ঘোঁৰামাৰাত থকা ফ্লেটতো অভিযান চলায়। ঘোঁৰামাৰাত থকা উত্তাৰায়ণ হাইটছ নামৰ ফেটত অভিযান চলাই অনুসন্ধানকাৰী সংস্থাটোৱে জব্দ কৰিছে বহু বেংকৰ তথ্য। আনহাতে ব্লেকমেইলিঙেৰে লক্ষ লক্ষ টকা আত্মসাৎ কৰা আপৰ নেতা বিদ্যুৎ কলিতাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল। অসুস্থতাৰ অজুহাতত যোৱা সময়ছোৱাত পলাই থকা বিদ্যুৎ কলিতা হাজিৰ হোৱাৰ পিছতেই তেওঁক দীঘলীয়া জেৰা চলায় আৰু পিছত অনুসন্ধানকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি এছচিইআটিৰ বেংক একাউণ্টৰ পৰা প্রত্যক্ষভাৱে বিদ্যুৎ কলিতাৰ একাউণ্টত সোমাইছিল প্রায় ১৫ লাখ টকা। মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত বিদ্যুৎ কলিতাৰ এটা একাউণ্টতহে ১৫ লাখ টকা জমা হোৱাৰ তথ্য উদ্ধাৰ হৈছে। আন কেইবাটাও একাউণ্ট থকাৰ সম্ভাৱনা আছে বিদ্যুৎ কলিতাৰ। এনেস্থলত এছচিইআৰটিৰ ধন এনেবোৰ একাউণ্টলৈও হস্তান্তৰ হৈছে নেকি তাক পৰীক্ষাৰ বাবে নামি পৰিছে অনুসন্ধানকাৰী দল। ইফালে, আটিআইৰ জৰিয়তে ব্লেকমেইলিং কৰা দুৰ্নীতি ঐক্যমঞ্চৰ | সদস্য মনোজ দাস আৰু কেশৱ গগৈৰ একাউণ্টতো এছচিইআটিৰ পৰা পোনে পোনে সোমাইছিল ধন। আৰক্ষীয়ে এই আটাইকেইজনক দীঘলীয়া সময় জেৰা কৰাৰ পিছত কিদৰে শেৱালি দেৱী শৰ্মাৰ পৰা ধন লৈছিল, সেই সন্দৰ্ভত অধিক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বেংক একাউণ্টৰ জৰিয়তে বিদ্যুৎ কলিতা, মনোজ দাস আৰু কেশৱ গগৈয়ে শেৱালি দেৱী শৰ্মাৰ পৰা কিছু ধন লৈছিল যদিও এক বৃহৎ অংশৰ ধন নগদ হিচাপেও সংগ্ৰহ কৰিছিল । শেৱালি দেৱী শৰ্মাৰ ঘনিষ্ঠ ঠিকাদাৰ ৰাহুল আমিনে সময়ে সময়ে এই তিনি ব্লেকমেইলাৰক নগদ ধনো দিছিল ।