তিতাবৰত বিধ্বংসী ধুমুহা
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰত ভয়ংকৰ ধুমুহাই ক্ষতিগ্ৰস্ত কৰে ঘৰ-বাৰী। বিয়লিবেলা অহা ধুমুহাজাকে বিধ্বংসীৰূপ ধাৰণ কৰি ঘৰ-দুৱাৰৰ টিনপাত উৰুৱাই বহুলোকৰ অনিষ্ট কৰে। ধুমুহাৰ কোবত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ক্ষতিগ্ৰস্ত হয়। তদুপৰি বাট-পথত গছ-বিজুলীৰ খুঁটা আদি বাগৰি পৰাত যাতায়ত বিচ্ছিন্ন হৈ পৰে।