বিশ্ব পৰিবেশ দিৱস উপলক্ষে ব্যতিক্ৰম মাছডোৰ ৫ দিনীয়া সজাগতা কাৰ্যসূচী

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ব্যতিক্ৰম মাছডোৰ ৫ দিনীয়া সজাগতা কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা আৰম্ভ হ’ল ব্যতিক্ৰম মাছডোৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা সজাগতা কাৰ্যসূচী আজি পুৱা ৬ বজাত দীঘলী পুখুৰী পাৰৰ পৰা দিছপুৰ লাষ্ট গেটলৈ, ১৫০ সদস্যৰ দলেৰে চাইকেল ৰেলী কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড° সূৰ্য্যকান্ত হাজৰিকা দেৱে। লগতে উপস্থিত থাকে প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ড, অসমৰ সদস্য সম্পাদক ড° শান্তনু কুমাৰ দত্ত, ডাব্লুউ ডাব্লউ এফৰ ৰাজ্যিক সমন্বয়ক অৰ্চিতা বৰুৱা ভট্টাচার্য। এই অনুষ্ঠানত উপস্থিত থাকি ড° সূৰ্য্যকান্ত হাজৰিকা কয় যে ‘ব্যতিক্রমে পৰিৱেশৰ সমস্যা বোৰক লৈ সদায় সচেতন আৰু সজাগ। আগতেও তেওঁলোকে পৰিৱেশ সজাগতাকলৈ অনুষ্ঠান পাতি আহিছে। এইবাৰ এই অনুষ্ঠানত মই উদ্বোধক হিচাপে উপস্থিত থাকিবলৈ পাই আনন্দিত। ব্যতিক্ৰমৰ এই পদক্ষেপ সফল মন্ডিত হোক।’ চাইকেল ৰেলীত অংশগ্ৰহণ কৰা সকলো সদস্যকে এখনকৈ মানপত্ৰ আৰু এটাকৈ গছপুলি উদ্যোক্তা সকলে বিতৰণ কৰে। ব্যতিক্ৰম মাসডোৰ সভাপতি ড° সৌমেন ভাৰতীয়াই কয়, বৰ্তমান মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে যন্ত্রপাতিও বাঢ়ি গৈছে লগতে পৰিৱেশ প্ৰদূষণও বাঢ়িছে। মানুহে পৰিবেশৰ প্ৰতি সজাগ মনোভাব ল’ব লাগিব। মানুহ যদি সংযত হয়, তেতিয়া পৰিৱেশত কিছু স্বাভাৱিকতা আহিব। তাৰ ওপৰি চৰকাৰেও পৰিৱেশ ভাল কৰি ৰাখিবৰ বাবে বিভিন্ন আইন পাছ কৰাৰ লগতে উপযুক্তভাৱে প্ৰৱৰ্তন কৰাৰ দিহা কৰিব লাগিব। প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে গছ-গছনি ৰোপণ কৰিব লাগিব, মানুহক পৰিৱেশ সজাগতাৰ বাবে জ্ঞান দিব লাগিব এয়া আমাৰ সৰু এটা প্ৰচেষ্টা ইয়াত আপোনালোক সকলে সজাগত হ’ব লাগিব।” ১ৰ পৰা ৫ তাৰিখৰ কাৰ্যসূচী ক্ৰমে চাইকেল ৰেলী, আলোচনা, চিত্রাংকন প্ৰতিযোগিতা, বৃক্ষ ৰোপণ, বাটৰ নাট, সজাগতা সভা। এই অনুষ্ঠানত সহযোগিতা কৰে প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ অসম, লালন্স গ্রুপ অৱ ইনষ্টিটিউচন আৰু ডাব্লুউ ডাব্লউ এফ।