উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য

ৰঙিলী বাৰ্ত্তাসেৱা-  কেতিয়া দিব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট? হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল হঠাতে ওলোৱাৰ পিছতে শিক্ষাৰ্থীৰ মাজত এই বিষয়ক লৈ অধীৰ অপেক্ষা প্ৰত্যক্ষ কৰা গৈছে। মে’ মাহৰ ভিতৰতে ফলাফল ঘোষণা কৰা হ’ব পাৰে বুলি ধাৰণা কৰা হৈছিল যদিও মে’ মাহৰ অন্ত পৰাত ফলাফল জুনত ঘোষণা কৰাটো নিশ্চিত হৈছে। কিন্তু আজি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সাংবাদিকে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ সোধা প্ৰশ্নৰ উত্তৰত কয়– ”হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্ট দিওঁতে পলম হোৱাৰ কাৰণ হৈছে যে কাউন্সিল ৰেডী হোৱা নাই। ৰেডী হ’লে সময়ত দিব। কাউন্সিলক মই প্ৰেছাৰ দিব বিচৰা নাই। নহ’লে কাউন্সিলে ভুল ৰিজাল্ট দি দিব পাৰে খৰধৰকৈ। গতিকে বিষয়টোক লৈ ইমান চিন্তা কৰিব নালাগে। সময়ত সকলোৱে ফলাফল পাব।”