পৰিবহণ নিগমত অবৈধ নিযুক্তি লাভ কৰা ৭৭১ গৰাকীয়ে হেৰুৱাব চাকৰি

পৰিবহণ নিগমত অবৈধ নিযুক্তি লাভ কৰা ৭৭১ গৰাকীয়ে হেৰুৱাব চাকৰি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ৰাজ্যিক পৰিবহণ নিগমত সংঘটিত হোৱা অবৈধ নিযুক্তি সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত দক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আনন্দ প্ৰসাদ তাৱাৰীক অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছিল। আনন্দ প্ৰকাশ তিৱাৰীয়ে এই দায়িত্ব লাভ কৰাৰ পাছতে বিভাগীয় কোনো নীতি, নিয়ম নামানি নিজৰ ইচ্ছা মতেই নিগম পৰিচালনা কৰিছিল তিৱাৰীয়ে। যাৰ ফলশ্ৰুতিত নিগমত অবৈধ ভাৱে নিযুক্তি লাভ কৰিছিল বহু কৰ্মচাৰীয়ে। অভিযোগ উত্থাপন হৈছিল নিগমত ২০ জনক প্ৰত্যক্ষ ভাৱে উচ্চ বৰ্গৰ সহায়ক হিচাপে তেওঁ নিযুক্তি প্ৰদান কৰিছিল। ২,২৭৪ গৰাকী অবৈধ নিযুক্তি প্ৰাপ্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এইসকলৰ ভিতৰত আছিল বিনা দৰমহাৰে নিগমত কাম কৰি মৃত্যু হোৱা একাংশ কৰ্মচাৰীৰো সন্তান। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২০২২ তে দিয়া সেই নিৰ্দেশ কাৰ্যকৰী হোৱা নাছিল। শেহতীয়াকৈ ৰাজ্যৰ পৰিবহণ বিভাগে অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ নিযুক্তি প্ৰাপ্তক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে বিভাগে অবৈধ ভাৱে নিযুক্তি লাভ কৰা ৭৭১ গৰাকীক শীঘ্ৰেই চাকৰিৰ পৰা অব্যাহতি দিব পৰিবহণ বিভাগ।জানিব পৰা মতে এই অবৈধ নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত অধিকাংশই আনন্দ প্ৰকাশ তিৱাৰীৰ কাৰ্যকালত আৰু একাংশই খগেন্দ্ৰ নাথ চেতিয়াৰ কাৰ্যকালত নিযুক্তি লাভ কৰিছিল।