বিশ্বাস আৰু শংকা – দীপক ৰায়

বিশ্বাস আৰু শংকা 
 দীপক ৰায়, ধুবুৰী
বিশ্বাস এই সৰু শব্দটোৰ বাবেই আজিও পৃথিৱীখন সুন্দৰ যদিও ই ডাষ্টবিনত পেলাই থোৱা গোলাপটোৰ দৰেই সৌন্দৰ্য্যৰ অধিকাৰী – সুন্দৰ কিন্তু দুৰ্গন্ধযুক্ত।আজিৰ অস্থিৰতাময় পৃথিৱীত বিশ্বাস , বিশ্বাস হৈ আছেনে?  এই প্ৰশ্নৰ সাধাৰণ উত্তৰ নাই বুলিয়ে হ’ৱ । বিশ্বাস বোলা বস্তুটো গংগাৰ দৰেই নামতহে পবিত্ৰ আৰু আবৰ্জনাৰে জৰ্জৰিত । গংগাই যিদৰে নিজৰ বুকুত আবৰ্জনাবোৰ কঢ়িয়াই লৈ ফুৰে ঠিক তেনেকৈ বিশ্বাসেও ভয় , সংশয়ৰ আবৰ্জনা কঢ়িয়াই লৈ ফুৰে ।কোৱা হয় বিশ্বাসে হিমালয় লৰাব পাৰে কিন্তু সেই বিশ্বাসেই আজি বহু প্ৰেমিকাক মুখাপিন্ধা ব্যাস্যা বনাইছে , বহু প্ৰেমিকক যন্ত্ৰ বনাইছে , বিশ্বাস কৰিয়েই বন্ধুৰ হাততেই বন্ধুৰ হত্যা হোৱা উদাহৰণ আজিৰ দিনত তেনেই সাধাৰণ । বিশ্বাসৰ বাবেই  আপোন জনৰ হাততেই সপোনবোৰ জ্বলি যোৱা আজিৰ দিনত নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে । ‘বিশ্বাস’ আজিকালি ইয়াৰ সমাৰ্থক শব্দ যদি শংকা বুলি কও তথাপিও বঢ়াই কোৱা নহ’ৱ । কাৰোবাক বিশ্বাস কৰা মানেই চোকা তৰোৱালৰ আগত ডিঙি পাতি দিয়া । তাহানিৰ দিনবোৰত আমি সকলোকে বিশ্বাসত ল’ৱ পাৰিছিলো তাৰ পিছত বিশ্বাসৰ পৰিধি চুটি হৈ আহিল তেতিয়া আমি মাথো পৰিয়ালৰ মানুহকে বিশ্বাসত ল’ৱ পৰা হ’লো কিন্তু আকৌ সময় সলনি হ’ল বিশ্বাস এতিয়া পৰিয়ালৰ মানুহকো কৰা টান যদিও পৰিয়ালকেন্দ্ৰিক বিশ্বাসটো এতিয়াও বহু পৰিমাণে জীৱিত আছে । “পৰিয়ালৰ লোকক বিশ্বাস কৰিৱ নোৱাৰি” কথাটো শুনাত আচহুৱা যেন লাগিলেও আজিকালিৰ বাতৰিৰ শিৰোনাম দখল কৰা কিছুমান ঘটনা যেনে পিতৃৰ হাতত পুত্ৰৰ মৃত্যু , পুত্ৰৰ হাতত পিতৃৰ মৃত্যু , স্বামীৰ হাতত পত্নীৰ মৃত্যু পত্নীৰ চক্ৰান্তত আকৌ স্বামী স্বৰ্গগামী ইত্যাদিয়ে আচহুৱা কথাটোক বাস্তৱ ৰূপ দিয়ে ।আমি আচলতে বিশ্বাস কৰিৱ লাগেনে ? এই প্ৰশ্নৰ উত্তৰ নিশ্চয় লাগে হ’ৱ । বিশ্বাস কৰিয়েই আমি সাধাৰণ শিলা এটুকুৰাক থাপনাত প্ৰতিষ্ঠা কৰি আমাৰ ত্ৰাণকৰ্তা বুলি পূজন কৰিছো । আমাৰ সকলোৰে জীৱনকালত এনে কিছুমান সময় আহে এনে কিছুমান সমস্যা আহে যি সমস্যাৰ সমাধান আমি কোনো প্ৰকাৰে উলিয়াব নোৱাৰো আৰু তেতিয়া প্ৰায়ে কিছুমানে ভাগ্য বা ভগৱানক বিশ্বাস কৰি সমস্যাৰ সমাধান ‌উলাও যে এদিন ভগবানে সকলো সমাধান কৰি দিৱ‌, এই সকলোবোৰেইতো বিশ্বাস , কিন্তু এয়াও এক শংকা কাৰণ এই ভাগ্যবাদ বিশ্বাসে আমাক কেতিয়াবা বিপদত পেলায় । সহজ উদাহৰণ যেনেকুৱা ধৰক পৰীক্ষাৰ কথা ভাৱি নপঢ়ি ভগৱানক খাটিলে উত্তৰ বহীত ৰঙাপেনে কণী পাৰিৱই।ভগৱান বুলি কওতে ‘ধৰ্মৰ’ প্ৰসংগ উত্থাপন নকৰাকৈ লিখনি সামৰিলে কিৱা খহটা হোৱা যেন হ’ৱ । ‘ধৰ্ম ‘ এয়া সম্পূৰ্ণ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে ।আমি জানো যে ধৰ্ম শব্দটো ‘ধৃ’ ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হ’ল ধাৰণ কৰা অৰ্থাৎ ধৰ্মৰ অৰ্থ ধাৰণ কৰা । আমি যি বিশ্বাসক ধাৰণ কৰো সেয়াই ধৰ্ম । হিন্দুসকলে যি বিশ্বাস কৰে সেয়া তেওলোকৰ বাবে ধৰ্ম , ইছলামসকলে যি বিশ্বাস কৰে সেয়া তেওলোকৰ বাবে ধৰ্ম এনেকৈ পৃথিৱীৰ সকলো ধৰ্ম বিশ্বাসক কেন্দ্ৰ কৰিয়ে পৃথক হৈছে ।এইক্ষেত্ৰত আমি তেনেহলে ক’ৱ পাৰি যে ধৰ্মৰ বাবে হোৱা সংঘাতবোৰ আচলতে বিশ্বাসৰ ভিন্নতাৰ বাবে হোৱা সংঘাত । সেয়ে বিশ্বাসক আমি শংকা বুলি ক’ৱ পাৰি। অৱশেষত, এটা বাক্য উল্লেখনীয় হ’ৱ যে বিশ্বাস , শংকা হওক বা নহওক বৰ্তমান সময়ত বিশ্বাস কৰিলে কৰিৱ পাৰি কিন্তু ভৰসা কাকো কৰা উচিত নহয় ।