জুবিন – এ.আৰ ৰহমান

PC- TellyChakkar

জুবিন

এ.আৰ ৰহমান
মূৰত দীঘল দীঘল চুলি হাতত গীটাৰ
অনামিকা মায়াৰ যুগত সুৰেৰে
বিশ্বব্যাপী অসমক উপস্থাপন কৰা
আবেগী ল’ৰা জন জুবিন।
পৰীক্ষাত প্ৰশ্ন কাকত ফালি ওলাই আহি
সংগীতেৰে বিশ্ব জয় কৰা ল’ৰা জন জুবিন।
ধুমুহাৰ স’তে যাৰ বহু যুগৰ নাচোন
এন্ধাৰ যাৰ বহু দিনৰ আপোন
যিয়ে গানৰ পথাৰত শস্য সিঁচি
ভাগৰি নাযায় কোনো কাল
সেইজনেই একক, অদ্বিতীয় জুবিন।
অসমৰ বাদশা, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ
এটা সংগ্ৰাম, এক অতুলনীয় সত্তা।
যাৰ গানে গানে বৈ যায় সমন্বয়ৰ বাৰ্তা
যিয়ে গানৰ মাজেৰে দি যায় জীয়াই থকাৰ সাহস।
যাৰ এটা আহ্বানত উতলি উঠে দেশৰ নৱ জোৱান
যাৰ এটা আদেশত সূচনা হয় জীয়াই থকাৰ বিক্ষোভ।
যাৰ কণ্ঠে নিবাৰণ কৰে
আধামৰা মনৰ অসীম তৃষ্ণা,
যাৰ সুৰে সুৰে কম্পিত কৰে
আধৰুৱা প্ৰেমিকৰ বিশুদ্ধ হিয়া।
জুবিন মানেই দুখৰ সমভাগি, সুখৰ হাঁহি
কাৰোবাৰ বাবে যদি আবেগ
কাৰোবাৰ বাবে তেওঁ দেৱতা
জুবিন মানেই ব্যতিক্ৰম-ভিন্নতা
তেওঁ অনুৰাগীৰ অনুপ্ৰেৰণা, নৱযুগৰ ৰাজহাড়
জুবিন মানেই অদ্বিতীয়, অতুলনীয়, অপ্ৰতিৰোধ্য ।।