পাণ্ডু মহাবিদ্যালয়ত ৰবীন্দ্ৰ আৰু নজৰুল জয়ন্তী অনুষ্ঠানত ৰবীন্দ্ৰ বিশেষজ্ঞ অধ্যাপক ঊষাৰঞ্জন ভট্টাচাৰ্য আৰু ড° সৌমেন ভাৰতীয়ালৈ বিশেষ সম্বর্ধনা

পাণ্ডু মহাবিদ্যালয়ত ৰবীন্দ্ৰ আৰু নজৰুল জয়ন্তী অনুষ্ঠানত ৰবীন্দ্ৰ বিশেষজ্ঞ অধ্যাপক ঊষাৰঞ্জন ভট্টাচাৰ্য আৰু ড° সৌমেন ভাৰতীয়ালৈ বিশেষ সম্বর্ধনা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ উদ্যোগত ২৪ মে বুধবাৰে ৰবীন্দ্ৰ আৰু নজৰুল জয়ন্তী উদযাপন কৰা হয়। মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ সংগীতেৰে অনুষ্ঠান আৰম্ভ হয়। ইয়াৰ পিছত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু নজৰুল ইসলামৰ প্ৰতিকৃতিৰ সন্মুখত | বস্তি প্রজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় পাণ্ডু মহাবিদ্যালয়ৰ উপাধ্যক্ষ আশা শর্মা, ৰবীন্দ্র বিশেষজ্ঞ প্ৰফেছৰ ঊষাৰঞ্জন ভট্টাচার্য, ব্যতিক্রম মাছডোৰ প্ৰতিষ্ঠাপক ড° সৌমেন ভাৰতীয়া আৰু পাণ্ডু শাসকীয় সংস্থাৰ সভাপতি ড° বিভাস দাস পুরকায়স্থই। আদৰণি ভাষণত পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰধান অধ্যাপক ড° তিমিৰ দে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা আপন কৰি ৰবীন্দ্ৰ বিশেষজ্ঞ প্ৰফেছৰ ঊষাৰঞ্জন ভট্টাচাৰ্য আৰু পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ প্ৰাক্তন ছাত্ৰ তথা ব্যতিক্রম মাছডোৰ প্ৰতিষ্ঠাপক ড° সৌমেন ভাৰতীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। এই উপলক্ষ্যে ভাষন দি ড° সৌমেন ভাৰতীয়াই কয়, “মই এই মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু অধ্যাপক ঊষাৰঞ্জন ভট্টাচার্য মোৰ শিক্ষক আছিল। আজি তেওঁৰ সৈতে একেখন মঞ্চত ভাগ লোৱা আৰু এই বিশেষ সন্মান আৰু কৃতিত্ব লাভ কৰাটো মোৰ বাবে এক অবিশ্বাস্য মূহুর্ত। প্ৰেৰণা আৰু অবিৰত সমৰ্থনৰ বাবে মই কৃতজ্ঞ।” ৰবীন্দ্ৰ বিশেষজ্ঞ প্ৰফেছৰ ঊষাৰঞ্জন ভট্টাচাৰ্যয় ৰবীন্দ্ৰ আৰু নজৰুল ইসলামৰ বহু অজ্ঞাত কথাৰ ওপৰত আলোকপাত কৰে। পাণ্ডু মহাবিদ্যালয়ৰ অসমিয়া বিভাগৰ অধ্যাপিকা শতৰূপা আচাৰ্যই অনুষ্ঠানত ৰবীন্দ্ৰ সংগীত পৰিবেশন কৰে।