আশাৰ দীপ – লখিমী শৰ্মা

PC - Pickpik
আশাৰ দীপ
লখিমী শৰ্মা,  যোৰহাট 
ৰুমা এজনী দুখীয়া ঘৰৰ ছোৱালী । তাইৰ মাক – দেউতাক সৰুতেই ঢুকাল । ঘৰৰ অৱস্থা বেয়া হোৱাৰ বাবেই ককায়েক দিগন্তই পঢ়া – শুনা এৰি খেতি – বাতি কৰাত লাগিল । খেতি – বাতিও বৰ ভাল নহয় । কাৰণ খেতিৰ ভাতেৰে সিহঁতৰ ছমাহ দিনো নাযায় । সেই দেখি ৰুমাৰ ভায়েক জয়ন্তয়ো পঢ়া – শুনা এৰি সি চহৰত স্থায়ী কাম বিচাৰি গ’ল । অৱশেষত সি এটা কোম্পানীৰ মালিকৰ ঘৰত বনকৰা ল’ৰা হিচাপে থাকিবলৈ ল’লে । প্ৰতি মাহে সি ৬০০ টকা দৰমহা পায় । কিন্তু ৰুমা এজনী সহজ – সৰল আৰু ধৈৰ্যশীল ছোৱালী । তাই কথা বতৰাতো ভাল আৰু পঢ়া – শুনাতো চোকা । এল. পি. স্কুলৰ পৰা মেট্ৰিক পাছ কৰাৰ লৈকে প্ৰথম বিভাগতেই উত্তীৰ্ণ হৈছিল । অসমীয়া আৰু ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক পাইছিল । কলেজত পঢ়াৰ একান্ত ইচ্ছা আছিল যদিও সেই আশা বাদ দিছিল । কাৰণ কলেজত পঢ়িবলৈ তাইৰ পইচা নাছিল । ৰুমাৰ কলেজত পঢ়াৰ ইচ্ছাৰ কথা জানি ককায়েক দিগন্তই খেতিৰ মাটি বন্ধকত দি নামভৰ্তি কৰালে আৰু ভায়েক জয়ন্তই ৰুমাই পাছ কৰা কথা গম পাই প্ৰতি মাহতে ২০০ টকা মণি অৰ্ডাৰ কৰিব বুলি চিঠিত লিখি দিলে।ৰুমায়ো গামোচা , কাপোৰ বৈ আৰু গাঁৱৰ ল’ৰা – ছোৱালী দুই এটা টিউচন কৰি দুই এপইচা পায় তাকো তাইৰ নিজৰ পঢ়া কামত খৰচ কৰিলে । সেইদৰে অশেষ কষ্টৰে ৰুমাই অসমীয়া বিষয়ত অনাৰ্ছসহ বি. এ. পাছ কৰিলে । ইউনিভাৰচিটিত তাইৰ পঢ়িবলৈ তাইৰ প্ৰবল ইচ্ছা থকাৰ স্বত্বেও আৰু নপঢ়িলে । ককায়েক দিগন্ত আৰু ভায়েক জয়ন্তৰ দৰে ৰুমায়ো গাঁৱৰ মানুহৰ লগত ভূই ৰুই , ধানদোৱা আদি কৰি থাকে । ৰুমাহঁতৰ গাঁৱৰ বিধায়ক পৰাগ চলিহা বৰ ভাল মানুহ । সেই অঞ্চলৰ ৰাইজে তেওঁক নতুনকৈ প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰি দিছে । ৰুমাহঁতৰ গাঁৱত হাইস্কুল নাছিল । ৰুমাই হাইস্কুলীয়া শিক্ষা তাইৰ ঘৰৰ পৰা ২ – ৩ কিঃ  মিঃ  দূৰত মধুপুৰ গাঁৱত লৈছিল । এদিন বিধায়কজন ৰুমাহঁতৰ ঘৰলৈ আহিছিল । সেই সময়ত ৰুমাই এটা কবিতা লিখি আছিল । বিধায়কজন সিহঁতৰ ঘৰলৈ অহা দেখি তাইৰ মনত বৰ দুখ লাগিছিল । কাৰণ ৰুমাহঁতৰ ঘৰত বহিব পৰা এখন ভাল চকী নাছিল । বিধায়কজনে ভিতৰলৈ গৈ ৰুমাক সুধিলে , ভণ্টি কি লিখিছা ? ৰুমাই ক’লে ভূল – শুদ্ধৰে এটা কবিতা লিখি আছো । বিধায়কজনে সেই কবিতাটো পঢ়িব পাৰিম নে বুলি সুধিলে।অলপ পাছত ৰুমাই ক’লে ” পাৰিব  পাৰিব ” । বিধায়কে কবিতাটো পঢ়ি তাইৰ কিমান পঢ়া – শুনা সুধিলে আৰু বৰ্তমান কি কৰি আছে সুধিলে । ৰুমাই বি. এ. পাছ কৰাৰ কথা আৰু সকলোবোৰ কথা বিৱৰি ক’লে । তাৰ পাছত তাইৰ সকলো কথা শুনি বিধায়কে তেওঁলোকৰ ঘৰলৈ অহা কাৰণ ক’লে ।আমাৰ গাঁৱৰ এটা সু – খবৰ আছে । আমাৰ গাঁৱত এখন হাইস্কুল প্ৰতিষ্ঠা কৰিবৰ বাবে দুই – এদিনতে শিল – বালি , ইটা পেলাবহি । গতিকে এই বিদ্যালয়ৰ অসমীয়া বিষয়ৰ শিক্ষয়ত্ৰীৰ বাবে শিক্ষা মন্ত্ৰীৰ আগত সকলো কথা অৱগত কৰিম । ইয়াৰ বাবে সাক্ষাৎকাৰ লোৱা হ’ব । তুমি কেৱল তাত উপস্থিত থাকিবা । বাকী সকলোবোৰ মই কৰি দিম । ৰুমাই ককায়েক দিগন্তৰ আগত বিধায়কে কোৱা কথা কেইটা ক’লে । দিগন্তই ৰুমাক সাক্ষাৎকাৰ দিবলৈ যাবলৈ টকা ধাৰে বিচাৰি গ’ল যদিও নাপালে । অৱশেষত দিগন্তই মাকে মৃত্যুৰ সময়ত দি যোৱা আঙুঠিটোকে বন্ধকত দি পইচা আনি ৰুমাৰ হাতত দিলে । সেই আঙুঠিটো বন্ধকত দিবৰ সময়ত দিগন্তৰ চকুপানী ওলাল । কাৰণ মাকৰ সোঁৱৰণী বাবে বহুত বিপদতো সেই আঙুঠিটো ব্যৱহাৰ কৰা নাছিল । ৰুমা সাক্ষাৎকাৰত প্ৰশ্ন উত্তৰ দি থাকোঁতে তাইৰ দুখ লাগিছিল । কাৰণ মাকৰ সোঁৱৰণীৰ চিনস্বৰূপে দি যোৱা সোণৰ আঙুঠিটো কেইটামান পইচাৰ লগত আনৰ হাতত অৰ্পণ কৰাটো অসহ্যকৰ আছিল আৰু এই কথাবোৰে তাইৰ প্ৰশ্ন কাকতখন অশ্ৰুসিক্ত নয়নেৰে তিয়াই পেলাইছিল । অৱশেষত স্কুল নিৰ্মাণ হ’ল । ৰুমাই শিক্ষয়ত্ৰী হিচাপে নিযুক্তি পালে । ৰুমাই দুই এবছৰতে সকলো মাটি – বাৰী আৰু বন্ধকী মাকৰ সোঁৱৰণী আঙুঠিটো ঘূৰাই আনিলে । এতিয়াৰ পৰা ৰুমাহঁত আগৰ দৰে দুখত থাকিব নালাগে । ককাই – ভাই – ভনীয়ে পৰিপূষ্ট তিনিজনীয়া ব্যক্তিৰ ঘৰখনত এতিয়া হাঁহি বিৰিঙি উঠিল । ভায়েক জয়ন্তকো কোম্পানীৰ মালিকৰ ঘৰৰ পৰা লৈ আনিলে । দূৰণিত সিহঁতে এটা আশাৰ দীপ বিচাৰি পালে ।