মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শনক লৈ আলোচনা সভা

মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শনক লৈ আলোচনা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ স্মৃতি-ৰক্ষা সমিতি, অসমৰ সৌজন্যত অহা ৪ জুন, ২০২৩ তাৰিখ দেওবাৰে দিনৰ যথাসময় ১০ : ৩০ বজাত গুৱাহাটী মহানগৰীৰ গনেশগুৰিস্থিত (গনেশ মন্দিৰৰ সমুখত) “দিশপুৰ প্ৰেছ ক্লাব” ত ভাগৱতাচাৰ্য, দৰ্শনাচাৰ্য, বেদচাৰ্য, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন-দৰ্শনক লৈ এখনি আলোচনা সভাৰ আয়োজন কৰা হৈছে বুলি স্মৃতি-ৰক্ষা সমিতিৰ আহ্বায়ক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, শৈলেন তালুকদাৰ, বিমল আগৰৱালা, পুতুলী ঠাকুৰীয়া মেধি আৰু দীপক শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে । উক্ত সভাত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা-আন্তৰিকতা, ভক্তি থকা সকলোৰে উপস্থিতি আহ্বায়ক মণ্ডলীয়ে অতি আন্তৰিকতাৰে কামনা কৰিছে ।