ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষী কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড

ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষী কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা। ডিব্ৰুগড় সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিলে দোষীৰ শাস্তি। দোষী সাব্যস্ত হোৱা কিৰো মেছক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান। ৯ বছৰ পিছত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় দিয়ে আদালতে। ৱাৰ্ড বয় কিৰো মেছক এই ঘটনাত দোষী সাব্যস্ত কৰা হয়। ২০১৪ চনৰ ৯ মে’ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড। AMCHৰ ICU কক্ষত হত্যা কৰা হৈছিল ডাঃ সৰিতা তছনিৱালক। হত্যা কৰি বিচনাত শুৱাই থোৱা হৈছিল সৰিতাক। সৰিতাৰ ডিঙিত সোমাই আছিল অস্ত্ৰোপচাৰ কৰা ছুৰী। হত্যাকাৰী কিৰো মেছৰ ডিঙিতো আছিল আঘাতৰ চিন।