আজাৰাৰ বৰঝাৰত L-20 ৰ পৰিচয়মূলক সভা
ৰঙিলী বাৰ্ত্তাসেৱা- আজাৰাৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ প্ৰেক্ষাগৃহত G20 ৰ এক বিশেষ অংশ L-20 ৰ এখনি পৰিচয়মূলক সভা কালি বিয়লি অনুষ্ঠিত হৈ যায়। ভাৰতীয় মজদুৰ সংঘৰ অবিভক্ত কামৰূপ জিলাৰ সম্পাদক কমল শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত হোৱা সভাৰ সভাপতিত্ব কৰে জীৱন বীমা নিগমৰ কৰ্মী শ উজ্জ্বল ভট্টাচার্যই। সভাত ভাৰতীয় মজদুৰ সংঘৰ অখিল ভাৰতীয় সংগঠন মন্ত্ৰী বি. সুৰেন্দ্ৰন আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী সুনীল কিৰৱাই বিশেষভাৱে অংশ লয় । ইয়াৰোপৰি অসংগঠিত ক্ষেত্রৰ প্ৰতিনিধিত্ব কৰে ৰঞ্জন কুমাৰ শৰ্মাই। নিজৰ ব্যস্ততাপূৰ্ণ কৰ্মসূচীৰ মাজতে কম সময়ৰ বাবে হ’লেও এখন্তেক দেখা দি গুৱাহাটী আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ মূখ্য বিমান বন্দৰ বিষয়া উৎপল বাদল বৰুৱাই এক সৌহার্দ্যপূর্ণ পৰিবেশৰ বাবে সকলোকে উৎসাহিত কৰে। সভাৰ মূল বিষয়বস্তু আছিল ভাৰতবৰ্ষই নিজৰ সাংস্কৃতিক ভেটি আৰু মূল্যবোধৰ অবলম্বনত কেনেদৰে গোটেই বিশ্বৰ পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে তাৰ এক সম্যক ধাৰণা দিয়া। আগন্তুক সময়বোৰ শ্ৰমিক পৃথিবীৰ বাবে অত্যন্ত প্ৰতিযোগিতামূলক হ’ব আৰু তাৰ বাবে L-20 ৰ জৰিয়তে শ্ৰমিক শ্ৰেণীৰ মাজত সজাগতা সৃষ্টি কৰাটো অজিৰ এক সময় সাপেক্ষ প্ৰয়োজন তথা প্ৰত্যাহ্বান।
