ডন ব’স্ক’ বিশ্ববিদ্যালয় উদ্যোগত ‘ইণ্ডাষ্ট্ৰী-একাডেমিয়া ইণ্টাৰেক্টিভ চেমিনাৰ’ সম্পন্ন
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম ডন ব’স্ক’বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ১৬ মে’ তাৰিখে ‘ইণ্ডাষ্ট্ৰী-একাডেমিয়া ইণ্টাৰেক্টিভ চেমিনাৰ(Industry-Academia Interactive Seminar)’ অনুষ্ঠিত হয় । চেমিনাৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰয়েল এনফিল্ড, চেন্নাইৰ মানৱ সম্পদৰ গ্ৰুপ মেনেজাৰ শ্ৰীশশী ভাটিয়া। যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মাই সমবেত লোকসকলক আদৰণি জনাই পৰিচয়মূলক ভাষণ প্ৰদান কৰাৰ পিছত সমল ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ভাটিয়াই ৰয়েল এনফিল্ডত থকা বিভিন্ন চাকৰিৰ সুযোগ সম্পৰ্কে বিতং তথ্য দিয়ে। তেওঁ সফল কেৰিয়াৰৰ বাবে লক্ষ্য নিৰ্ধাৰণৰ গুৰুত্বৰ বিষয়েও মতামত দিয়ে। সমল ব্যক্তিজনে তেওঁৰ অভিজ্ঞতাসমূহ ভাগ কৰাৰ লগতে মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ প্রদান কৰে। অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ প্ৰ’-ভিচি ফাদাৰ জোচেফ নেলানাট আৰু অসম ডন বস্কো বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতা অনুষ্ঠানটোত উপস্থিত আছিল। চেমিনাৰখন ফাদাৰ জোচেফ নেলানাটৰ মন্তব্যৰে সামৰণি পৰে ।
