আমাৰ প্ৰেম –  জেফলিন চুলতানা

Pc Iloveyou.xyz
আমাৰ প্ৰেম 
জেতুকা বুলীয়া দুহাতেৰে তোমাক মোৰ ওচৰলৈ মাতিম
চকুত চকু থৈ সুখ দুখৰ এষাৰ কথা পাতিম
মোৰ হাঁহিতে হাঁহিটি মিলাই তোমাক
 চিৰ জীৱনৰ কাৰণে নিজৰ কৰি লম
জনম জনমলৈ তোমাৰ হৈয়েই থাকিম
তুমি যিমানেই অভিমান কৰি আতৰিব চেষ্টা কৰিবা
মোৰ মৰমবোৰ আৰু দুগুণে বৃদ্ধি হ’ব
 তুমি প্ৰাপ্তিৰ হাঁহিত নিজকে বিলীন কৰি দিবা
আৰু সুধিবা ………..!!
কাৰ প্ৰেমত পৰিছা এইবেলি ……..!!
মই কম ……..!!
হৃদয়ৰ ঠিকনা বিচাৰি
প্ৰতিপল তোমাৰ কাষত , তোমাৰেই প্ৰেমত পৰোঁ
তোমাৰ নামত নিশা উজাগৰে কবিতা ৰচোঁ
জানোচা আমি হ’ব পাৰোঁ
সফল প্ৰেমিক প্ৰেমিকা
আকাশৰ জোনবাইয়েও আমাৰ প্ৰেমক সম্ভাষন জনাব….!!
আৰু আৰ্শীবাদ দিব
আমাৰ প্ৰেম হেনো …..!!
মমতাজ আৰু ছাহজাহানৰ দৰে উজলি থাকিব ।
                 জেফলিন চুলতানা (নগাঁও)