বৰষুণৰ বাবে অপেক্ষা- মোঃ নুৰ ইছলাম ক্বাদৰী

Pc Telegraph india
বৰষুণৰ বাবে অপেক্ষা
মই বৰষুণৰ বাবে অপেক্ষা কৰি আছোঁ।
বৰষুণত মই তিতি যাম
কোনেও ৰৈ নাথাকিব,
কোনেও ছাতি ধৰিব নোৱাৰিব,
কোনো সঙ্গীও নাথাকিব,,,, মই অকলে তিতিম!
সেইদিনা চকুত চকুলো নাথাকিব,
ঘৰৰ স্মৃতিবোৰ ৰৈ নাথাকিব।
সেইদিনা মই হাঁহিম…
এই ভ্ৰমহীন চহৰৰ পৰা মুক্তি পায় সুখী!!
হৃদয়খন খুলি শান্তিৰে হাঁহিম!
যি দিনা মই মুক্তি লাভ কৰিম, সেই দিনা সুখ পাম!
এনে সুখ, যি হেৰুৱাবলৈ ভয় নকৰোঁ…
তাক বোলে …. চিৰন্তন সুখ!
যিটো মোৰ ইচ্ছা! মই তিতি যাম!!!
বাধা নিদিয়াকৈ তিতি যাম
হেজাৰ হেজাৰ মৃতদেহৰ ভিৰ..
এটা শ্বশান ও কবৰস্থানত!
 মোঃ নুৰ ইছলাম ক্বাদৰী
        চিৰাং