দক্ষিণ ৰামপুৰ গাওঁ পঞ্চায়ত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত 

দক্ষিণ ৰামপুৰ গাওঁ পঞ্চায়ত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত 

মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ ৰামপুৰ গাওঁ পঞ্চায়ত সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখন আজি ৰামপুৰৰ কালীপ্ৰসাদ দাস উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত সভাপতিত্ব কৰে জোন দাসে সভাখনৰ আতধৰে সম্পাদক নীলোৎপল কলিতাই ৷ সভাৰ কাৰ্যসূচী হিচাপে চলিত বছৰৰ সাময়িক হিচাপ দাখিল,বিভাগীয় হিচাপ পৰীক্ষকৰ ২০২২-২৩ বৰ্ষৰ হিচাপৰ প্ৰতিবেদন দাখিল কৰাৰ লগতে সমবায় সমিতিখনৰ অন্যান্য বিষয় সমূহ সভাত আলোচনা কৰা হয়। উল্লেখযোগ্যযে আৰ্থিক ভাৱে অচল হৈ পৰা সমবায় খনে বৰ্তমানলৈকে সৰ্বমুঠ ৭০ লাখ টকা চৰকাৰৰ পৰা পাব লগা হৈ আছে যাৰ পৰিপেক্ষিতত বাৰ্ষিক সভাখনত উপস্থিত সমবায়ৰ অংশীদাৰ সকলে চৰকাৰক অতিশীঘ্ৰে টকা মোকোলাই দিবলৈ আহ্বান জনাই ৷