প্ৰকৃত ধৰ্ষণকাৰী আৰু অপৰাধীৰ শাস্তি কেতিয়া?
সম্প্ৰতি সময়ত সংঘটিত ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ শিশু নিৰ্যাতন কাণ্ড লগতে অশ্লীল ভিডিঅ ভাইৰেল হোৱাত ৭২ বছৰীয়া বৃদ্ধাৰ আত্মহত্যা ঘটনাই সৰ্বসাধাৰণক চিন্তিত কৰাৰ লগতে শংকিত কৰিছে ৷ বৰ্তমান সময়ত উদ্বেগজনক ভাৱে বৃদ্ধি হোৱা অপৰাধৰ মূল যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়া আমি জানিব লাগিব যে ব্যক্তি সদায় সমাজ আৰু সংস্কাৰৰ প্ৰভাৱত চলে, সমাজ আৰু সংস্কাৰ এক পৃথক শ্ৰেণীৰ ব্যক্তিয়ে তৈয়াৰ কৰে,সমাজত চলি থকা অনাচাৰ, অপৰাধ, অনিয়ম, হত্যা, ধৰ্ষণ, নিৰ্যাতন আদিত মূলতঃ দুটা শ্ৰেণীৰ হাত থাকে, প্ৰথম যিজন ব্যক্তিয়ে অপৰাধ কৰে আৰু দ্বিতীয় যিজনে অপৰাধ কৰিবলৈ উদগনি জগাই, অপৰাধৰ ক্ষেত্ৰত দুয়ো পক্ষই সমানেই দায়ী ৷ অপৰাধ কৰা জনৰ বিকল্প থাকে, কাৰণ মাকৰ গৰ্ভৰ পৰা সকলোৱে অপৰাধী হৈ জন্ম নলয় ৷ গৰ্ভৰ পৰা পশুৰ ও জন্ম হয় কিন্তু পশুৱে জানো হত্যা,ধৰ্ষণ, অনাচাৰ, অপৰাধ কৰে? গৰ্ভৰ পৰা কোনো অপৰাধীৰ জন্ম নহয়, নিশ্চিতভাৱে অপৰাধী সদায় সমাজ ব্যৱস্থাৰ পৰাই জন্ম হয় ৷ সমাজ মানে লোক আৰু সামাজিক ব্যৱস্থা, কিন্তু সম্পূৰ্ণ দোষাৰোপ আমি সমাজ ব্যৱস্থাকো কৰিব নোৱাৰোঁ কাৰণ এনে বহু উদাহৰণ আছে য’ত জঘন্য সামাজিক ব্যৱস্থাৰ পৰিৱেশৰ লগত যুদ্ধ কৰি বহু ব্যক্তিয়ে সত্য আৰু শুদ্ধ পথত অটল থাকে ৷ অপৰাধ দুজনে কৰে,কিন্তু এজন ব্যক্তি হাতেলোটে ধৰাপৰাত শাস্তি প্ৰদান কৰা হয়,নিশ্চয় বিকল্প আছিল ব্যক্তিজনৰ সমাজ ব্যৱস্থা বেয়া হলেও নিজৰ মন লেটেৰা নকৰি শুদ্ধ আৰু সত্য পথত চলাৰ কিন্তু তাক নকৰি অসত্য আৰু অশুদ্ধ পথত চলি অপৰাধ কৰিলে গতিকে সেই ব্যক্তিজনে শাস্তি পোৱাত বাঞ্ছনীয় কিন্তু সেই অপৰাধ কৰিবলৈ উদগনি জগোৱা সমাজ ব্যৱস্থাৰ শাস্তি নহয়, এয়া কেনেধৰণৰ ন্যায়? যিজন ডাঙৰ অপৰাধী সেইজনৰ শাস্তি নহয় কাৰণ ডাঙৰ অপৰাধী ক্ষমতাশালী,প্ৰভাৱশালী ধনবল আৰু সংখ্যাৰ বল অসীম,আৰু ডাঙৰ অপৰাধীক শাস্তি দিবলৈ আমাৰ কলিজাত সৎসাহস নাই যাৰবাবে সৰু অপৰাধীক শাস্তি প্ৰদান কৰি ডাঙৰ অপৰাধীৰ অপৰাধবোৰ লুকুৱাই ৰখা হয় ৷ কিন্তু এজন অপৰাধীক শাস্তি প্ৰদান কৰাৰ লগতে অপৰাধী জন্ম দিয়া উদ্যোগতো বন্ধ হৈ নেযায় ৷ সাধাৰণতে কোৱা দেখা যায় ,পাশৱিক কাণ্ড,হিংস্ৰ পশুৰ দ্বৰে ধৰ্ষণ কৰি হত্যা কিন্তু পশুৱে ধৰ্ষণ,হত্যা,অপৰাধ ইত্যাদি নকৰে,ইয়াৰ আঁৰত আছে সামাজিক শক্তি ৷ অপৰাধীৰ অপৰাধ প্ৰৱণতাৰ মুল উৎস হ’ল সুখ,ভোগ,আমোদপ্ৰমোদ ৷ জীৱনৰ চৰম লক্ষ্য বৰ্তমান কেৱল সুখ আৰু ভোগ বিলাসিতা,আজি সমাজৰ সকলো স্তৰত আমাৰ কেনেকৈ সুখশান্তি বৃদ্ধি হয় তাৰে শিক্ষা প্ৰদান কৰা হয়,আৰু সুখশান্তিৰ কেন্দ্ৰত থাকে ভোগ বিলাসিতা ৷ যাৰবাবে সকলো বস্তু এতিয়া ভোগ বিলাসীৰ সামগ্ৰী হৈ পৰিছে ৷ সুখশান্তি যদি আমি জীৱনত বিচাৰোঁ তেতিয়া প্ৰকৃতিৰ সকলো বস্তু ভোগ বিলাসিতাৰ সামগ্ৰী ৷ শিশু অথবা নাৰীৰ শৰীৰে হওক সকলো ভোগৰ সামগ্ৰী ৷ শ্ৰদ্ধা,সন্মান,আন্তৰিকতা বুলিবলৈ একো নাই কোনো বস্তু পবিত্ৰ আৰু শুদ্ধ নহয়,সকলো বৰ্তমান ভোগৰ সামগ্ৰী ৷ সকলোকে কোৱা হৈছে সুখশান্তি জীৱনৰ একমাত্ৰ লক্ষ্য ৷ এতিয়া অপৰাধী মনোবৃত্তি থকা লোকৰ বাবে হত্যা,ধৰ্ষণ,অনাচাৰ,অনিয়ম,নিৰ্যাতন আদি সুখশান্তিৰ সামগ্ৰী গতিকে অপৰাধ বৃদ্ধি হৈ গৈছে ৷ অপৰাধক উদগনি জগোৱা শক্তিবোৰৰ সংখ্যা দিনকদিনে বৃদ্ধি হৈছে আৰু অপৰাধক বাধা দিয়াৰ সংখ্যা অল্প আৰু সামান্য ৷ অশ্লীল ছবি নিৰ্মাণ কৰি নিষিদ্ধ ৱেব ছাইটত আপলোড কৰা হয় ৷ এতিয়া এই ৱেবছাইট বোৰক কোনো শাস্তি দিব? লগতে ৱেবছাইটত গোপনে অশ্লীল ছবি চোৱা সকলোক কোনে শাস্তি দিব? বৰ্তমানত মবাইল হওক কিম্বা চিনেমা জগত টেলিভিচন সকলোতে হিংসা,অশ্লীলতা,নগ্নতা ৷ মনত যদি কেৱল আৱৰ্জনায়ে ভৰাই ৰখা হয় তেতিয়া হলে জীৱনত সাৰ্থক কৰ্ম কৰাতো অসম্ভৱ ৷ অপৰাধ কৰা ব্যক্তিৰ কঠোৰ শাস্তি হওক কিন্তু এই অপৰাধৰ মুল গুৰি তাক চিনাক্ত কৰিও শাস্তি প্ৰদান কৰক,যেতিয়ালৈকে সমাজ ব্যৱস্থাৰ আৱৰ্জনাবোৰ চাফচিকুণ কৰি নতুন পাঠ্যক্ৰমত সত্যনিষ্ঠ,আত্মচিন্তন,মুল্যবোধ আদি উপলব্ধ কৰা নহয় তেতিয়ালৈকে সমাজত অপৰাধী,ধৰ্ষনকাৰী,হত্যাকাৰী জন্ম হৈয়ে থাকিব ৷ লগতে ধৰ্না দিয়া তথা প্ৰতিবাদকাৰী সকলোকও কওঁ যে অপৰাধ কৰা ব্যক্তি জনক শাস্তি দিয়াৰ বাবে যি ধৰ্না দিয়া যায় তাৰলগতে বাস্তৱিক অপৰাধীৰ চিনাক্তকৰণ কৰি শাস্তি প্ৰদান কৰাৰ বাবেও যাতে ধৰ্না তথা প্ৰতিবাদ কৰে ৷
শৈলেন কুমাৰ
মিৰ্জা