ধৰ্মান্তৰণ নহয় মানৱীয়তালৈ ৰূপান্তৰ হ’লে ভাল – চন্দ্ৰ শেখৰ পৰাজুলী

ধৰ্মান্তৰণ নহয় মানৱীয়তালৈ ৰূপান্তৰ হ’লে ভাল

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আজিকালি আমাৰ সমাজত নানান ধৰ্ম, সম্প্ৰদায়ৰ ব্যক্তিৰ মাজত এক ব্যতিক্ৰমী প্ৰতিযোগিতা অনুষ্ঠিত হোৱা দেখা যায়।তাৰ ফলস্বৰূপে নিজ নিজ ধৰ্মাৱলম্বী লোকসকলে নিজস্ব ধৰ্ম, সম্প্ৰদায়ক একেবাৰে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ যিকোনো সীমা অতিক্ৰম কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰে। অৰ্থাৎ যি যেনেকৈ হয় নিজৰ সংখ্যা বৃদ্ধি কৰি গোটেই বিশ্বতেই নিজৰ পৰিসৰ ব্যাপক কৰিবলৈ বিচাৰে। ইয়াৰে সামান্য উদাহৰণ হ’ল, আজিকালি ভিন্ন ধৰ্ম, সম্প্ৰদায় ছোৱালী বোৰক নিজৰ প্ৰেমৰ মায়াজলত মেৰিয়াই ধৰি বিয়া কৰায় বা পলোৱাই লৈ গৈ অন্তিমত নিজৰ আচল অস্তিত্বক নাইকিয়া কৰি ধৰ্ম পৰিবৰ্তন কৰাৰ দৰে একে সাংঘাটিক খেলত লিপ্ত কৰা দেখা যায়। আচলতে উদ্দেশ্য যদি ঠিক থাকে তাতে কাৰো একো আপত্তি নাথাকে কিন্তু বেছিভাগ ক্ষেত্ৰতে আমি সকলোৱে দেখি আহিছোঁ এনেধৰণৰ দুদিনিয়া প্ৰেমৰ অন্তিম পৰিণতি কেৱল নানান শাৰীৰিক আৰু মানসিক প্ৰতাৰণা। গতিকে নিজ নিজ ধৰ্ম, সম্পদায়ৰ লোকসকল অনতি পলমে সজাগ হ’বলৈ হ’ল। আৰু ইয়াৰ উপৰিও সমাজৰ জেষ্ঠ নাগৰিক, অভিভাৱক সকলে নিজ নিজ সন্তানবোৰক সচেতন কৰিবলৈ হ’ল। আচলতে এইটো একেবাৰে সামান্য এটি উদাহৰণ দাঙি ধৰিছো ।  ইয়াৰ উপৰিও অনান্য বহু পদ্ধতি অৱলম্বন কৰি সকলো শ্ৰেণীৰ লোকসকল নিজ নিজ ধৰ্ম, সম্প্ৰদায়ৰ প্ৰতি আকৃষ্ট কৰি অন্তিম সেই একে ধৰ্ম পৰিবৰ্তন কৰাৰ দৰে এক সাংঘাটিক বেপাৰ আৰম্ভ কৰি লৈছে। চাওঁক পৃথিৱীত আম গছৰ বহু ভিন্ন ধৰনৰ প্ৰজাতি আছে। আৰু সচৰাচৰ সকলো আমাৰ সোৱাদ ভিন্ন ধৰনৰ হোৱা স্বাভাৱিক। তেন্তে আমাৰ মানৱ সমাজতো সকলো মানুহৰ এক সুকীয়া অস্তিত্ব আছে। সেয়েহে যি যেনেকৈ আছে তাতে সন্তুষ্ট থাকিবলৈ দিয়া উচিত নে, চলনাময় কাৰ্য্য জৰিয়তে নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ অন্যান ধৰ্ম ,সম্প্ৰদায়ক আঘাত হানি একেবাৰে ধ্বংস কৰিবলৈ আগবাঢ়ি ওলাই আহিব লাগে। আমি মানৱ হিচাপে আমাৰ উদেশ্য কেৱল ধৰ্ম পৰিবৰ্তন বা ধৰ্মান্তৰণ নহয় মানৱীয়তালৈ ৰূপান্তৰ হ’লে বেছি ভাল। কাৰণ কেতিয়াবা গহীনডাবে চিন্তা কৰিলে আমি গম পাম যে প্ৰতিজন মানুহে যদি প্ৰকৃত মানৱীয় ৰূপত ৰূপান্তৰ হ’লে এই গোটেই বিশ্বতে ভিন্ন ধৰ্ম, সম্প্ৰদায়ৰ নিজকে বিভক্ত কৰিবলৈ কোনো প্ৰয়োজনীয়তায়ে নাথাকিব । আমি সংসাৰত জন্ম গ্ৰহণ কৰি আনকে সদায় মূৰ্খ বুলি বিবেচনা কৰোঁ কিন্তু নিজে আনতকৈ কিমান জধামূৰ্খ কেতিয়াবা অনুমান কৰিব পাৰিছোনে?