এইয়া যে প্ৰাণৰ বহাগ- দিপ্তী মনি গোস্বামী

Pc ShareChat

এইয়া যে প্ৰাণৰ বহাগ

দিপ্তী মনি গোস্বামী
                             লখিমপুৰ (লালুক)

বহাগৰ বিৰিখত ডালভৰি ফুলিছে
নাহৰ তগৰ কপৌলতাৰ লানি
ওখকৈ গছৰ কোমল কুঁহি পাতৰ আঁৰত
কুলি কেতেকীয়ে খেলিছে যৌৱনৰ ধেমালি।

দুহাতত জেতুকা বোলাই লৈ চেনেহী ৰৈ আছে
পদূলিৰ জপনাখনত এটা ভৰি তুলি থৈ
মৰমৰ দীঘ দি চেনেহৰ বাণীৰে বৈ থোৱা
হেঁপাহৰ বিহুৱান খনি চেনাইক দিবলৈ।

এবছৰ জাপত সোমায় থকা মূগাৰ সাজযোৰো
মুকলি আকাশৰ তললৈ আহিছে বহাগৰ সুবাস পায়
অসমীয়া জাতীয় ঐতিহ্য সংস্কৃতিৰ ৰহঘৰাৰে
তকা-গগনা হাঁচতিৰে মেটমৰা সম্ভাৰ লৈ।

বেৰত ওলমাই থোৱা ঢোলটি লৈ ৰংমনো ওলাইছে
পথাৰৰ বৰ গছৰ তলৰ মুকলি বিহুৰ তলিলৈ
কান্ধত গামোচা  মূৰত পাগ  মহৰ শিঙৰ পেঁপাটি লৈ
নাচনী জনীক কঁকাল ভাঙি নচোৱাবলৈ।