বিহুৰ ঐতিহ্য আৰু দোদুল্যমান বৰ্তমান
বিহু অসমীয়া জাতীয় জীৱনৰ প্ৰাণস্পন্দনেৰে প্ৰবাহিত হৈ থকা এক সাংস্কৃতিক ধাৰা। সাংস্কৃতিক চেতনাৰ দিশেদি অসমীয়া মানুহৰ অন্তর্জগতখনত ভুমুকি মাৰিলে পোন- প্রথমে বিহুৰ কথাই মনলৈ আহে, অন্ততঃ সাধাৰন শ্রেনী জনতাৰ মাজত। ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা এই ভূ-খণ্ডত বিভিন্ন নৃগোষ্ঠীয় লোকে তেঁওলোকৰ উৎসৱ-অনুষ্ঠান সমূহ পালন কৰি আহিলেও সাম্প্রতিক সময়ত জাতি, বর্ণ, ধর্ম নির্বিশেষে অসমৰ মানুহে জাতীয় উৎসৱ বুলি আদৰি লোৱা উৎসৱটিয়েই হ’ল বিহু। ভাৰতবর্ষৰ বিভিন্ন স্থানতো ‘বিহু’ অসমীয়া মানুহৰ অন্যতম সাংস্কৃতিক পৰিচয়। তাহানিৰ মুকলি পথাৰ আৰু গছতলৰ বিহুৱে এতিয়া দুৰদর্শন-ইন্টাৰনেটটো প্রৱেশ কৰিলে। তদুপৰি প্রৱাসী অসমীয়া সকলৰ জৰিয়তে বিহুৱে আজি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশৰ মঞ্চও কঁপাবলৈ সক্ষম হৈছে। স্বাভাৱিক ভাবেই এনেবোৰ কাৰণতে বিহুক কেৱল সাংস্কৃতিক চেতনাৰ দিশেদিয়েই নহয়, জাতীয় চেতনা উদ্দীপনৰো অন্যতম বাহক হিচাপে অভিহিত কৰিব পাৰি। কাৰণ বিহু হ’ল অসমৰ সকলো জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক। ই একক আৰু অনন্য। ভাৰতবর্ষৰ আন ঠাইত এনে উৎসৱৰ চানেকি বিৰল। স্বাভাৱিকতেই গো-বলয়ৰ আর্যীকৰণ তত্ত্বক নস্যাৎ কৰি অসমীয়া জাতি-সত্বাক পৃথকভাৱে গঢ়ি তোলাৰ ক্ষেত্রত সবাতোকৈ বৃহৎ অৱদান ৰখা উৎসৱটিয়েই হ’ল- বিহু- অসমৰ জাতীয় উৎসৱ। বিহু কেৱল মাত্ৰ অসমীয়াৰ জাতীয় উৎসৱেই নহয়,বিহু অসমৰ লোক-সংস্কৃতিৰ এক অন্যতম নিদৰ্শন। বিহুতেই অসমীয়া সমাজ জীৱনৰ সকলো দিশ সোমাই আছে। কৌটিকালৰে পৰাই বিহু অসমত উদযাপিত হৈ আহিছে আৰু অসমীয়া জাতিৰ শেষ বিন্দুলৈকেও বিহু উদযাপিত হৈ যাব। বিহুৰ লগত জড়িত ৰীতি-নীতিবোৰে অসমীয়া গ্ৰাম্য জীৱনৰ লগতে কৃষিৰ লগত জড়িত লোকাচাৰৰ সকলো দিশ প্ৰতিফলিত কৰে। বিহুত উৎপত্তি সন্দৰ্ভত বিভিন্ন পণ্ডিত তথা গৱেষকে ভিন ভিন মত প্ৰকাশ কৰিছে। ইয়াৰোপৰি, বিহু শব্দটোৰ উৎপত্তি সন্দৰ্ভতো নানা মতভেদ থকা লক্ষ্য কৰা যায়। তাৰে ভিতৰত সংস্কৃত “বিষুৱণ” শব্দৰ পৰা বিহু শব্দৰ উৎপত্তি হৈছে বোলা মতটো সর্বগ্রাহ্য বুলি ক’ব পাৰি। বিহুৰ উৎপত্তিৰ কাহিনী আৰু তেতিয়াৰ পৰম্পৰাৰ প্ৰচলন এতিয়াৰ দিনত লোপ পাব ধৰিছে।
অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ দোদুল্যমানতাত বিহুৰ সেই ছান্দসিক সমন্বয় অটুট ৰাখিবলৈ অপাৰগ হৈছে। সময়ৰ বিৰূপ গতিৰ বিপৰীতে সংস্কৃতিৰ সমন্বয় বৰ্তমানে ভংগ হোৱাত দিশে অগ্ৰসৰ হৈছে। বিতৰ্ক নামৰ বিহ পোকে জাতিৰ আঁৰৰ কাহিনীবোৰ হত্যা কৰিছে আৰু কৃষি ভিত্তিক উৎসৱ তথা সমগ্ৰ অসমীয়া জাতিৰ স্বাভিমান বিহুক বিকৃত কৰিছে। বিহুৰ আন্তঃ আৰু বহিঃ স্বৰূপৰ সাল সলনি ঘটি পৰিব্যাপ্ত ৰূপ লুকাই গৈছে। অসমীয়াৰ স্বাভিমান গামোচাৰ ওপৰত এক অত্যাচাৰ চলাই ইয়াক সমন্বয়ৰ বিকৃত ৰূপ দিয়াৰ চেষ্টা কৰা হৈছিল, আৰু এতিয়াও ইয়াৰ জুই উমি উমি জ্বলি আছে। মই, আপুনি সকলোৱে ইয়াৰ এটা ইতিবাচক মীমাংসা বিচাৰিছোঁ। আচল কথাত ৰঙালীত উর্বৰা বিশ্বাসক লৈয়ে গ্রাম্য সমাজত গঢ় লৈ উঠা বিহু উৎসৱত অষ্ট্ৰিক সংস্কৃতিৰ প্রভাৱ দৃষ্টিগোচৰ হয়। অসমীয়া ভাষা-সংস্কৃতি ভাৰতৰ ভিতৰতে সমৃদ্ধিশালী। ভাষাবিদসকলৰ মতে পৃথিৱীত থকা প্রায় দুহেজাৰো অধিক ভাষা উপভাষা অসমতে আছে। অসমৰ ভাষা সাহিত্য-সংস্কৃতি আদি প্রতিটো ক্ষেত্রতে বৈচিত্রৰ মাজত ঐক্য পৰিলক্ষিত হয়। সংগীতৰ ক্ষেত্রতো জনজাতীয় সুসমন্বয়ে অনৈক্যৰ মাজত ঐক্য স্থাপন কৰিছে। মূলত অষ্ট্ৰিক, দ্রাবিড় আৰু আর্য সংস্কৃতিৰ সুসমন্বয় আৰু সহাৱস্থানৰ পৰিপ্রেক্ষিততে ভাৰতীয় সংস্কৃতিৰ স্বর্ণসৌধ নির্মিত হ’লেও মঙ্গোলীয় আলপাইন আদি অন্যান্য সংস্কৃতিয়েও সংস্কৃতিৰ শ্রীবৃদ্ধিত অৰিহণা যোগাই আহিছে । অন্যহাতে অষ্ট্ৰিক, মঙ্গোলীয় আৰু আর্য সংস্কৃতিৰ আধাৰতে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ বৰভেটি নির্মিত হৈছে । অসমীয়া জাতি গঠন প্রক্রিয়াত যিদৰে বিভিন্ন জাতি-উপজাতিৰ মিলন ঘটিছে একেদৰে লুইতপৰীয়া গ্রাম্য সংস্কৃতিও গঢ় লৈ উঠিছে বিভিন্ন জাতি-উপজাতিৰ থলুৱা সাংস্কৃতিক উপাদানসমূহৰ সুসমন্বয়তহে। বসন্তৰ পৰশত নৱ-জীৱন লাভ কৰা অসমৰ প্রকৃতি জগতৰ নৈসর্গিক ৰূপ সৌন্দর্য সুষমাই অসমীয়া সমাজ জীৱনক দি যায় এক অনাবিল আনন্দ আৰু অফুৰন্ত সৃষ্টিৰ প্রেৰণা। উলাহৰ দিন বিহুত মূৰৰ চুলি চিঙি আর্শীবাদ কৰা হয় আপোনজনৰ কুশলৰ কাৰণে। গঞা ৰাইজ ঐক্যবদ্ধ হোৱাৰ সময়ো এই ব’হাগেই। বিহুৰ দিনাখন পোহনীয়া গৰু গাই আদিক গা-ধুৱাই তেল ঘঁহি ন-পঘাৰে ঘৰলৈ আদৰি অনা আদিতো ইতৰ জীৱ-জন্তুৰ প্রতি সমদৃষ্টি প্রকাশিত হয়। বিহুৰ আনন্দ উলাহে আমাক ঐক্যবদ্ধভাবে সমাজ গঢ়াৰ প্রেৰণাও দিয়ে। সেৱা জনোৱা, আশীষ বচন দিয়া, বিহুৱান দিয়া, হুঁচৰি গাই মঙ্গল কামনা কৰা, সংঘবদ্ধহৈ উন্নয়নমূলক আঁচনি গ্রহণ কৰা আদিতো আধ্যাত্মিক শিক্ষা অন্তনির্হিত হৈ আছে। মূলতঃ ধর্মীয় অনুষ্ঠান হ’লেও জাতীয় উৎসৱ আৰু সমন্বয়ৰ আধাৰ হিচাপে বিহুৱে পাহাৰ-ভৈয়াম সকলোতে শান্তি-সম্প্রীতিৰ বার্তা কঢ়িয়াই আছে। আগন্তুক নৱবর্ষই অসমৰ আকাশৰপৰা কলীয়া ডাৱৰ আঁতৰাই এচমকা বিজুলী পোহৰেৰে প্রত্যেকৰে মনবোৰ উজ্বলাই তোলক আৰু বিহুৰ ঐতিহ্য বৰ্তি থাকক তাৰেই কামনা, এই সত্তা জীয়াই থাকক অনন্ত কাললৈ….।।
সুশান্ত দাস, শিৱসাগৰ
