সাত বিহু – দিপ্তী মনি গোস্বামী

সাত বিহু
           
 দিপ্তী মনি গোস্বামী
                 লখিমপুৰ (লালুক)
বিহু বিহু বিহুটি বিহু আমাৰ তিনিটি
চ’তৰে শেষতে পাতো আমি ৰঙালী বিহু টি,
ৰঙালী বিহুৰ সাত দিনৰ সাত টি নাম
সাত বিহু নামেৰে বহাগৰ প্ৰথম সাতদিন প্ৰধান।
চ’ত বহাগৰ দুমাহী উৰুকাৰ দিনা পাতো “গৰু বিহু”
পুৱা তে উঠি গোহালীৰ গৰু নোঁৱাও মাহ-হালধিৰে
লাও বেঙেনা খুৱাই নদীত গা ধোৱাও লাহনীৰে
সন্ধিয়া ধোঁৱা দি আদৰো ডিঙিত নতুন পঘা ৰে।
বহাগৰ এক তাৰিখে “মানুহৰ বিহু “পাতো
পিঠা-পনা খাই লৈ সৰুৰে ডাঙৰক চৰণ সেৱা কৰোঁ
অতীতৰ পৰম্পৰা চানেকি ৰাখিছোঁ অটুত
লগতে চুবুৰীয়া ঘৰলৈ এভুমুকি মাৰো বিহুত।
বহাগৰ দুই তাৰিখ বিহুৰ তৃতীয় দিন
এই দিনটো “গোঁসাই বিহু “নামে জানে প্ৰধান
গাঁৱৰ খেলৰ নামঘৰত সকলো একগোট হৈ
নামঘৰত কৰা হয় প্ৰসাদ বিতৰণ।
বিহুৰ চতুৰ্থ দিনা বহাগৰ তিনি তাৰিখ হয়
সেই দিনা “তাঁতৰ বিহু “পালন কৰা হয়,
অসমীয়া জনজীৱনৰ হেঁপাহৰ সম্পদ তাঁতৰশালখনি
আমিনো নাপাতিম কিয় তাঁতৰ বিহু খনি।
বহাগৰ চাৰি তাৰিখ বিহুৰ পাঁচ দিন
সেই দিনটো উদযাপন হয় “নাঙলৰ বিহু” বুলি
অসমীয়া জনগনৰ কৃষিৰ মূল সম্পদ নাঙলটি
ধুই-পখালি পাতো আমি নাঙল বিহু টি।
বহাগৰ ছয় দিন যোৱাত পাতো আমি নাম দি বিহু
“চেনেহী বিহু বা জীয়ৰী বিহু,”
আদৰৰ জীয়ৰীজনী শহুৰৰ ঘৰৰ পৰা সেইদিনটোতে
হেঁপাহেৰে আহে জনমৰ পিতৃৰ ঘৰখনিলৈ।
বহাগ মাহৰ সাত তাৰিখ বিহুৰ সপ্তম দিন
এই দিনটো ধৰা হয় “চেৰা বিহু “বুলি
সেই দিনটোত প‌ইতা ভাত খোৱা হয়
বছৰটোলৈ দেহাটো জুৰ পৰক বুলি।
এইয়াই আমাৰ বাপতিসাহোন বহাগৰ সাত বিহু
আমি অসমীয়াই উলহ মালহে পালন কৰোঁ,
আমি অসমীয়া বিহু আমাৰ প্ৰাণ
অটুত ৰাখিছো আমি সাত বিহুৰ মান।