বৰষুণ- ময়ূৰাক্ষী গগৈ

Pc The Janambhumi

  বৰষুণ

বাৰিষাৰ আগজাননী দিয়া
বৰষুণ জাক দেখি
খেতিয়কৰ মুখলৈ পানী আহিছে।
ধূলিময় প্ৰকৃতিয়ে গাটো তিয়াই লৈছে
ৰিমঝিম বৰষুণত।
গছ লতিকাই পুৰণি সাজ সলাই
নতুন কুঁহিপাত মেলিছে।
পিয়াহত আতুৰ হৈ থকা
চাতক চৰাইজনীয়ে
চিপ্ চিপ্ বৰষুণত নাচি নাচি
কণ্ঠ তিয়াই লৈছে।
বাৰিষাৰ বৰষুণ জাকত
খাল, বিল, পুখুৰীৰ
মাছবোৰৰ উজান উঠিছে।
বৰষুণ , তোমাৰ
আগমণত সকলোৱে
মন-প্ৰাণ নাচি উঠিছে।

ময়ূৰাক্ষী গগৈ
যোৰহাট