কৃষক মৰ্চাৰ উদ্যোগত পশুধন টিকাকৰণৰ শুভাৰম্ভণি মন্ত্ৰী অতুল বৰাৰ
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পার্টি, কৃষক মৰ্চাৰ উদ্যোগত আৰু পশুপালন আৰু চিকিৎসা বিভাগৰ সৌজন্যত গুৱাহাটী মহানগৰ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত পাককোনা গাঁৱত আজি পশুধন টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৃষি আৰু পশুপালন মন্ত্ৰী শ্ৰীযুত অতুল বৰা ডাঙৰীয়াই এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ উদ্যোগত প্ৰতিবছৰে বাৰিষাৰ আগে-আগে পশুধন টিকাকৰণৰ বাবে উদ্যোগ গ্রহণ কৰি অহা হৈছে। যিহেতু বাৰিষাৰ সময়ত পশুধন গাইগৰু আৰু হালোৱা গৰু চবকা ৰোগত সাধাৰনতে আক্রান্ত হোৱা দেখা যায়৷ গতিকে কৃষকসকলৰ পশুধনক চবকা ৰোগৰ পৰা বচোৱাৰ উদ্দেশ্য বিনামুলীয়াকৈ তথা আগতীয়াকৈ চৰকাৰে টিকাকৰণৰ ব্যৱস্থা কৰি আহিছে যদিও সজাগতাৰ অভাবত বহু কৃষকৰ পশুধন নষ্ট হৈ আহিছে৷ গতিকে কৃষক মৰ্চাই যোৱা বছৰৰ পৰা কৃষক সকলক সজাগ কৰি বিনামূলীয়া পশুধন টিকাকৰণৰ ব্যৱস্থা কৰি আহিছে। উল্লেখযোগ্য যে, আজিৰ শুভাৰম্ভণি অনুষ্ঠানৰ পিছত প্ৰতিখন জিলাতে কৃষক মৰ্চাৰ উদ্যোগত এনেধৰণৰ পশুধন টিকাকৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। আজিৰ এই কাৰ্যসূচীত কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰা, কৃষক মৰ্চাৰ ৰাজ্যিক উপ-সভাপতিত্ৰয় ৰঞ্জিত ভট্টাচাৰ্য্য, নিবাৰন লহকৰ আৰু ভাস্কৰ দাস, ৰাজ্যিক টিকাকৰণ সমিতিৰ আহ্বায়ক অংকুৰ দত্ত, সাধাৰণ সম্পাদকদ্বয় বকুল দে আৰু ইন্দ্ৰানী তহবিলদাৰ, সম্পাদকদ্বয় ইপ্সিতা বৰুৱা আৰু নিলাদ্রী গুপ্তা, তৃষ্ণা শৰ্মা,হদ্বীপ চৌধুৰী, লাকী গগৈ, ৰাজ্যিক কৃষক মৰ্চাৰ সদস্য সকল ক্ৰমে হৃষিকেশ কলিতা, অমৃত দাস, ৰাজীৱ শৰ্মা, দীনেশ দাস, প্রদীপ পাণ্ডে প্ৰমুখ্যে কৃষক মৰ্চাৰ বিষয়ববীয়া সকল, জিলা তথা মণ্ডল কৃষক মৰ্চাৰ বিষয়ববীয়া সকল, স্থানীয় ৰাইজ গুৱাহাটী মহানগৰ জিলা কৃষক মৰ্চাৰ সভাপতি সঞ্জীৱ সমৰ ডেকা, উক্ত জিলাৰ পশু চিকিৎসা বিভাগৰ চিকিৎসক সকল তথা চিকিৎসা কর্মী বৃন্দ, পশু চিকিৎসা বিভাগৰ অধ্যক্ষা মহোদয়া ইন্দিৰা ৰয় আদি উপস্থিত থাকে৷ শিবিৰটোত চাৰি শতাধিক গৰুক টিকাকৰণ কৰা হয় ।
