দিল্লীৰ মুখ্যমন্ত্ৰী আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই কৰা বিভিন্ন বক্তব্যৰ ওপৰত উঃপূঃ ভাৰতৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ প্ৰতিক্ৰিয়া
ৰঙিলী বাৰ্ত্তাসেৱা- আম আদমি পাৰ্টীৰ যোৱাকালি গুৱাহাটীত হোৱা সংকল্প সমাবেশত সমবেত হোৱা সকলোলৈকে দলৰ ৰাজ্যিক সমিতিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে ৷ দলৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ উঃপূঃ ভাৰতৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক যুটীয়া সমন্বয়দ্বয় কমল কুমাৰ মেধি আৰু ৰাজীৱ শইকীয়াই এক সংবাদমেলত কয় যে কালিৰ আপ অসমৰ সংকল্প সভাত সৰ্বমুঠ ১৫ হেজাৰ লোক সমৱেত হৈছিল ৷ তাৰে প্ৰায় ৯ হেজাৰ দলীয় কৰ্মকৰ্তা আৰু বাকীসকল স্বতঃস্ফূৰ্তভাৱে সমৱেত হোৱা জনতা ৷ জনতাৰ এই সমৰ্থন দেখি এতিয়া ড° হিমন্ত বিশ্ব শৰ্মাই থৰকাচুটি হেৰুৱাইছে ৷ তেওঁ অৰবিন্দ কেজৰীৱালে উত্থাপন কৰা মৌলিক প্ৰশ্নসমূহৰ উত্তৰ দিব নোৱাৰি এতিয়া লাগবান্ধ নোহোৱা কথা কিছুমান ক’বলৈ আৰম্ভ কৰিছে ৷ আমি মূল বিষয়ৰ পৰা আঁতৰি যোৱা কথাবোৰৰ কোনো উত্তৰ দিব নিবিচাৰো ৷ কাৰণ তেওঁ সেইটোকে বিচাৰি থাকে ৷ মূল সমস্যাৰ পৰা জনতাৰ দৃষ্টি আনফালে ঢাল খুৱাবলৈ মুখ্যমন্ত্ৰীয়ে বিভিন্ন কথাৰ অৱতাৰণা কৰিছে ৷ সেয়ে আজি সংবাদমেল যোগে আম আদমি পাৰ্টীয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ ৫ টা প্ৰশ্ন উত্থাপন কৰি কয়- গুৱাহাটীৰ নাগৰিকে কেতিয়ালৈ খোৱাপানী পাব৷গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ নামত কিমান টকাৰ কেলেংকাৰী হৈছে৷অসমত বিজুলীৰ মাচুল কিয় বাৰে বাৰে বাঢ়ি গৈ আছে৷ দিল্লীত যদি বিজুলী ইমান সস্তা হ’ব পাৰে, তেন্তে অসমত কিয় ইমান উচ্চ দাম অসমত পেপাৰ ফাদিল কিয় হৈ আছে৷পেপাৰ লিক বিষয়টোত ছেবাৰ অধ্যক্ষ আৰু শিক্ষামন্ত্ৰীৰ ওপৰত কি ব্যৱস্থা লোৱা হ’ল৷ অসমত আপোনাৰ চৰকাৰৰ দিনত কয়লা, চুপাৰি, শিল আদিৰ যি ছিণ্ডিকেট চলি থকাৰ অভিযোগ উত্থাপিত হৈ আছে, তাৰ ধনৰ ভাগ কোন কোন বিজেপিৰ নেতা বা নেতাৰ আত্মীয় বা বন্ধুৰ হাতলৈ যায়৷বিদ্যালয় সংলগ্নীকৰণৰ নামত আপুনি যে বিদ্যালয়বোৰ বন্ধ কৰি আছে, দৰিদ্ৰ ঘৰৰ সন্তানে ক’ত পঢ়িব৷