‘জনসেৱা’ৰ বিহু কৰ্মশালাৰ সামৰণি

‘জনসেৱা’ৰ বিহু কৰ্মশালাৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা’ৰ উদ্যোগত চম্পাৱতী হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হোৱা বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালাৰ সামৰণি পৰে৷সভাপতি কুমুদ শৰ্মাই আঁত ধৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নুৰুল হক আহমেদে৷নৱজাগৰণ সংঘৰ সভাপতি,সমাজকৰ্মী সঞ্জীৱ দেৱ চৌধুৰীয়ে পৌৰোহিত্য কৰা সভাত দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্যই বিহুনাম আৰু বিহুনাচৰ ব্যাকৰণ যাতে শিকাৰুসকলে শিকে তাৰ বাবে আহ্বান জনায়৷সভাত বিহু পাটমাদৈ,বিহু কুঁৱৰী কনিকা ইংতিয়ে শিশুসকলক বিহুনাচ শিকোৱাৰ লগতে বিহুৰ প্ৰতি আগ্ৰহী হ’বলৈ অনুপ্ৰেৰণা যোগায়৷সভাত জনসেৱাৰ সদস্য,সমাজকৰ্মী মদন মোহন তালুকদাৰ,প্ৰশিক্ষক,নৃত্য পৰিচাৰিকা,বিহুৱতী কস্তুুৰী কাশ্যপ,সংগীত শিল্পী মৃনাল দাসে বিহু সম্পৰ্কে কিছু ব্যাখ্যা আগবঢ়ায়৷ সভাত বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা শিশুসকলৰ মাজত মানপত্ৰ প্ৰদান কৰা হয়৷সদস্য জ্যোতিষ ঠাকুৰীয়াৰ শলাগৰ শৰাইৰে সভা সামৰণি মৰা হয়৷