জোনাকী নিশা
নিশাৰ আকাশত উজ্জ্বলিল জোনটি
ভৰিল চাৰিওদিশে জোনাকী পোহৰ;
লাগে যেন জোনটি, নিশাৰ চাকি এটি
কেতিয়াবা যে আকাশত ভৰে ডাৱৰ।
লুকা-ভাকু যেন খেলিছে আমাৰ সৈতে,
দেখুৱাই যে আমাক সৰগী সপোন;
চাকি দৰে পোহৰে, জিলিকে আকাশতে,
জোনটি যেন আমাৰ হিয়াৰ আপোন।
কেতিয়াবা অৰ্ধগোল আৰু ঘূৰণীয়া,
কেতিয়াবা আকাশে যোৱা তুমি হেৰাই;
তোমাৰ মৰম যেন যাউতিযুগীয়া,
তোমাৰ দৰে জীৱনৰ লগৰী নাই।
দুখ বেদনাৰে যেতিয়া উঠে কান্দোন,
তুমিয়েই দেখুওৱা ৰঙীন সপোন।
–নিতিষ্মান দাস
অষ্টম শ্ৰেণী