মহিলা বজাৰৰ মৰমী- ইভা গন্ধীয়া ফুকন

Pc Istock

মহিলা বজাৰৰ মৰমী

মৰমীয়ে পুৱা প্ৰায় ন মান বজাত উপাযুক্তৰ কাৰ্যালয়ৰ সন্মুখত পদপথৰ  কাষত বহা মহিলা বজাৰ খনৰ নিৰ্দিষ্ট ঠাইডোখৰত তাইৰ শাক পাচলিৰ বজাৰ খন মেলি বহে । ইয়াতে দুবছৰ মানৰ আগৰ পৰা এই মহিলা বজাৰখন গঢ়ি উঠিছে। জকাই অঞ্চলৰ পৰা অহা এই মহিলাসকলৰ বজাৰত ভেদাই লতা, মানিমুণি,নৰসিংহ পাত, মচনদৈ নলটেঙা, টিকনিবৰুৱা স্থানীয় শাক পাচলি আদিৰ লগতে হাঁহ, পাৰ, মুৰ্গী আদিও পোৱা যায় । সন্মুখত উপায়ুক্তৰ কাৰ্যালয়, পিছফালে উপায়ুক্ত বাংলা সেয়ে নিৰ্ভয়ে মহিলা বজাৰখন বহে । ইয়াত কেনেও উৎপাত, অশ্লীল ইংগিত, অভদ্ৰ আচৰণ কৰিবলৈ সাহস নকৰে ।
মৰমী দেখাত সুগ্ৰঢ়ী, ওঁঠ দুটি তামোলৰ বোলেৰে ৰাঙলী হৈ থাকে । মুখত তামোল এখন ভৰাই তাই বজাৰৰ ওপৰত চকু ফুৰাই থকা গ্ৰাহকক কি দিম দাদা কি দিম বাইদেউ আহক বুলি চিঞৰি থকাটো তাইৰ অভ্যাসত পৰিণত হৈছে । ফুটপাথ আৰু মুলৰাস্তাৰ মাজৰ ঠাইখিনিত শাৰী পাতি বহা মহিলা বজাৰ খনত মৰমীৰ মিঠা মাতৰ বাবে গ্ৰাহকৰ সংখ্যা বেছি । নিৰ্দিষ্ট কেইজনমান গ্ৰাহকৰ বাবে নিৰ্দিষ্ট তাজা তাজা শাক পাচলি তাই আচুতীয়াকৈ ৰাখি থয় । তাই গিৰিয়েকে এপে চলাই । পুৱাতে এপেখনত শাক পাচলি বোৰ ভৰাই দুয়ো দিনটোলৈ ওলাই আহে । মৰমীক বজাৰত শাক পাচলিৰ সৈতে নমাই গিৰিয়েকে এপে ভাড়া মাৰে । সন্ধিয়া আকৌ সাতমান বজাত বজাৰ সামৰি এপেত ঘৰলৈ ৰাওনা হয় ।উপায়ুক্তৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক নগেন গগৈ মৰমীৰ নিয়মীয়া গ্ৰাহক । অবসৰ ল’বলৈ আৰু দুবছৰ মানুহে বাকী ।গগৈ চাৰলৈ মৰমীয়ে আচুতীয়াকৈ শাক পাচলি ৰাখি থয় । অফিচ চুটীৰ পিছত মৰমীৰ ওচৰত পাক এটা নমৰাকৈ গগৈ চাৰে ঘৰমুৱা হ’ব নোৱাৰে ।মৰমী বজাৰ কেনে আজি নাই চাৰ ভাল নহয়। আধাতকৈ বেছি শাক পাচলি বাকী আছে । আজি আকৌ ঘৰলৈ উভতাইনিব লাগিব যেন পাওঁ। কেতিয়াবা  আকৌ সুধিলে কয় আজি বজাৰ ভাল চাৰ বস্তু শেষেই হ’ল । কেতিয়াবা চিঙৰা মিঠাই আনিও খুৱায় গগৈ চাৰে । মৰমী আজি বনশাক কি আনিছ? আনিছো চাৰ টিকনিবৰুৱা, ভেদাইলতা, মানিমুণী, নলটেঙা আছে । টিকণিবৰুৱা যিহে থপীয়া থপি মানুহৰ আপোনালৈ দুমঠি মই লুকুৱাই ৰাখিছো আপুনি ভাল পায় কাৰণে ।বেগটো দিয়ক ভৰাই দিওঁ ।আপোনাক কম দামত দিওঁ আনৰ পৰা মুঠিত ত্ৰিশ টকা লওঁ আপোনাক বিশ টকাত দিছো । জাতিলাও আৰু অমিতাও ভৰাই দিমনে চাৰ ? “দিয়া দিয়া বেগটো ভৰ্তি কৰি দিয়া ।” গগৈ চাৰৰ কথা মতে মৰমীয়ে বেগ ভৰ্তি কৰি ভৰাই দিয়ে শাক পাচলি। শাক পাচলি মুল্য দি গগৈ চাৰে অলপ সময় তাইৰ বজাৰৰ সন্মুখতে ৰৈ থকাটো অভ্যাসত পৰিণত হৈছে । গগৈ চাৰে তাইলৈ তধা লাগি চাই ৰৈছে । চাৰ গ্ৰাহক আহিছে আপুনি অকণমান কাষলৈ আহি দিয়ক ইয়াতে বহক বুলি তাই বহি থকা প্লাষ্টিকৰ টুলখন আগবঢ়াই দিয়ে । তাই আগবঢ়াই দিয়া টুলখনত বহি গগৈ চাৰে যেন দিনটো অফিচৰ কামৰ ভাগৰ মাৰে মৰমীলৈ চাই চাই । নগেন গগৈ চাৰ বহি থকা বাবে মৰমীয়েও তাইৰ কপাহী চাদৰ খন টানি তাইৰ বুকুখন ঢাকিব খুজে । দুকুৰি দেওনা পাৰ হোৱা মুখত তামোলৰ হেলেঙী বৈ থকা মৰমীয়ে চাদৰ খনে তাইৰ বুকুখন যেন ভালকৈ ঢাকিব পৰা নাই ।

সদায় অহাৰ দৰে অফিচ চুটি কৰি নগেন গগৈ মৰমীৰ ওচৰলৈ বুলি মহিলা বজাৰত উপস্থিত হয় । আন দিনা বহা ঠাইত দেখোন মৰমী নাই । তাই বহা ঠাইডোখৰ খালি হৈ আছে । গগৈ চাৰৰ মনটো উচপিচ লাগিল । কাষতে বজাৰ মেলা বয়সীয়াল মহিলা গৰাকীক সোধো নোসোধোকৈ সুধিলে হেৰা বাই আদি মৰমী অহা নাই নেকি ? নাই অহা চাৰ তাইৰ গিৰিয়েকৰ গা বেয়া । গগৈ চাৰৰ মনটো মৰি গ’ল আগতে কাহানিও  মৰমী এনেকৈ নহা মনত নপৰে ।তাইক নেদেখিলে গগৈ চাৰৰ ভাল নল’গা হ’ল । আনৰ পৰা শাক পাচলি ল’বলৈ মন নগ’ল, সেইদিনা খালি হাতেৰে ঘৰলৈ গ’ল । পিছদিনা মৰমীয়ে গিৰিয়েকৰ খোৱাৰ জোগাৰ কৰি কি কেনেকৈ দৰৱ পাতি খাব লাগে বুজাই বজাৰৰ বস্তুবোৰ লগৰ জনীৰ এপে খনতে উঠাই বজাৰলৈ আহিল । গগৈ চাৰ আনদিনাৰ দৰে অফিচ চুটীৰ পিছত মহিলা বজাৰত উপস্থিত । মৰমীক দেখি তেওঁ মনটো ভাল লাগি গ’ল ।

গগৈ চাৰ:-“মৰমী কালি বজাৰত নেদেখিলো যে ?”

মৰমী :- “মানুহটোৰ গা বেয়া কালি আহিব নোৱাৰিলো তেওঁক ডাক্তৰৰ ওচৰলৈ নিলো ।”
গগৈ :- “ কি হৈছিলনো ?” চাৰ কি ক’বনো , গধুলি ভাগৰ মাৰিবলৈ খোৱা চুলাইৰ কামাল । কালি বমি কৰি কৰি উঠিব নোৱাৰা হ’ল ।

গগৈ :- “আজি ভাল পাইছেনে অলপ ?” ভাল হৈ যাব চাৰ ডাক্তৰৰ দৰৱ খাইছে আৰু আজি ভেদাইলতা আৰু শিঙিমাছৰ আঞ্জা ৰান্ধি খুৱাই থৈ আহিছো । আপোনাক আজি কি কি দিম কওক ? গগৈ :- “দিয়া আৰু কি কি আছে ।” তাই গগৈ চাৰৰ বেগত জাতিলাও,কলডিল,নগাধনীয়া আৰু পাৰ পোৱালি এটা ভৰাই দিলে । চাৰ এই পাৰ পোৱালিটো লৈ যাওক এটা বিক্ৰি হ’ল । এইটো আপুনি কলডিলৰ লগত খাব, ঘৰৰে পোৱালি আছিল । গগৈ চাৰক বেগটো দি তাই বজাৰ সামৰিব ল’লে । আজি সোনকালে যাব লাগিব চাৰ । আজি তাই গগৈ চাৰক দেখি চাদৰৰ আঁচল টানি বুকুখন ভালকৈ ঢাকিবলৈয়ো সময় নোহোৱা হৈছে । মই এপে এখন মাটি পঠিয়াইছো । ঘৰত  মানুহটোৰ বা কি হৈছে ? এপে খন আহি পোৱাত তাই শাক পাচলিৰ বেগ কেইটা উঠাই যাবলৈ এপেত উঠি আহিছো চাৰ বুলি মাত দি গ’ল । নগেন চাৰে তাই বজাৰ সামৰাৰ পৰা এপেত উঠালৈকে তাইলৈ চাই ৰ’ল ।

-সমাপ্ত-

ইভা গন্ধীয়া ফুকন