তোমাৰ স্মৃতিত- মৃদুলা বৰুৱা

Pc Peakpx
তোমাৰ স্মৃতিত
মৃদুলা বৰুৱা
শীতৰ এটি সেমেকা ৰাতি
আহিছিলা তুমি
খোজত শেৱালী ফুলাই ,
বুকুৰ কেনভাচত আঁকিছিলা
ৰং তুলিকাৰে
এখন জীয়া প্ৰেমৰ ছবি।
তোমাৰ নিশাহত
নিগৰিছিল মিঠা প্ৰেমৰ সুবাস
সুখৰ ৰহন সানি তুমি
লিখিছিলা সেউজীয়া কবিতা
লাহে লাহে হৃদয়ৰ
খালী কোঠালী ভৰি পৰিছিল।
নাজানো কি হ’ল সিদিনা
অমানিশা  হৈ
নিমিষতে সকলো শেষ বুলি
দিগন্তলৈ  ঢাপলি মেলিলা ।
সুখবোৰ ক্ষণিকতে গুচি গʼল
হদয়খন মৰিশালি কৰি,
তুমি পাঠ কৰি গʼলা মাথোঁ
প্ৰেমৰ উপন্যাসখনৰ অন্তিমটো পৃষ্ঠা,
শেষ বুলি ক’লেইটো শেষ হৈ নাযায়
শেষৰ পাছটো ৰৈ যায়
ভাগৰুৱা অস্তিত্ব আৰু কিছু স্মৃতি
এতিয়া স্মৃতিয়েই মোৰ লগৰী ।