দিল্লীত দ্বিতীয় অভ্যন্তৰীণ জলপথ সন্মিলনৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে

দিল্লীত দ্বিতীয় অভ্যন্তৰীণ জলপথ সন্মিলনৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে ৫,০০০ কিলোমিটাৰ নৌবাহী জলপথৰ সৈতে ইষ্টার্ণ ব্ৰিডৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। পি এইচ ডি চিটি আইৰদ্বাৰা দিল্লীত আয়োজিত দ্বিতীয় অভ্যন্তৰীণ জলপথ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ দিশটোৰ কথা সদৰী কৰে। অনুষ্ঠানত ভাষণ প্রদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰে ৫,০০০ কিলোমিটাৰতকৈও অধিক নৌবাহী জলপথৰ সৈতে পূব গ্ৰিডৰ বিকাশৰ বাবে ব্যাপক পৰিকল্পনাৰে কাম কৰি আছে। ৰাষ্ট্ৰীয় জলপথ ১ – গংগা নদীৰ ওপৰত কৰা কামৰ ইতিবাচক ফলাফলৰদ্বাৰা আমি অত্যন্ত উৎসাহিত হৈছোঁ। পূব ভাৰতৰ নদীসমূহৰ সমৃদ্ধ সুযোগ-সম্ভাৱনা আছে য’ত কিছুমান আন্তঃৰাষ্ট্ৰীয় জলপথৰ সৈতে ৪টা মুখ্য জলপথ আছে, আমি এই গ্ৰিডৰ জৰিয়তে ৫,০০০ কিলোমিটাৰৰ নৌবাহী জলপথৰ এই বিশাল সম্ভাৱনা উন্মুক্ত কৰি ইয়াৰ সৰ্বাংগীণ বিকাশ কৰিব বিচাৰোঁ। এই গ্ৰিডৰ বিকাশে কেৱল আঞ্চলিক সমন্বয়- সহযোগিতাই বৃদ্ধি নকৰে, লগতে উন্নয়নো যথেষ্ট ত্বৰান্বিত কৰিব আৰু ই বিবিয়ান দেশসমূহ (বাংলাদেশ, ভূটান, ভাৰত, নেপাল)ৰ ভিতৰত পূব ভাৰতৰ বাণিজ্যক অধিক গতিশীলতা প্ৰদান কৰিব। ই ম্যানমাৰ, থাইলেণ্ড, মালয়ছিয়া আৰু ছিংগাপুৰৰ দৰে দেশৰ সৈতে বাণিজ্যৰ সম্ভাৱনাও অধিক বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি ভাৰতৰ পূব অংশৰ অৰ্থনৈতিক প্ৰগতি আৰু বিকাশৰ বাবে বাণিজ্যৰ এই অপৰিসীম সম্ভাৱনাৰ অন্বেষণৰ দিশত আগবাঢ়িছোঁ। পি এইচ ডি চি চি আইৰদ্বাৰা আয়োজিত দ্বিতীয় অভ্যন্তৰীণ জলপথ সন্মিলনৰ বিষয়বস্তু হৈছে “অভ্যন্তৰীণ জলপথৰ শক্তি তৈয়াৰ কৰা বিকাশ, বাণিজ্য আৰু সমৃদ্ধি বৃদ্ধি কৰা”। এই সন্মিলন হৈছে চৰকাৰৰ উপৰি উদ্যোগীসকলৰ লগতে আপহী গোট আৰু ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি বিভিন্ন অংশীদাৰসকলৰদ্বাৰা আঞ্চলিক অর্থনৈতিক একত্ৰীকৰণ আৰু বহনক্ষম উন্নয়নৰ বাবে অভ্যন্তৰীণ জলপথৰ সম্ভাৱনা | অন্বেষণ কৰাৰ এক উমৈহতীয়া মঞ্চ। আজি অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালে লগতে কয়, “ৰাষ্ট্ৰীয় জলপথ-১ (গংগা), ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ (বাক)ৰ মাজত নিৰৱচ্ছিন্ন আৰু ঐতিহাসিক সম্পর্ক থকাৰ বাবে উত্তৰ-পূব ভাৰতক বাংলাদেশ হৈ ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা ৩,৫০০ কিলোমিটাৰ অৰ্থনৈতিক কৰিড’ৰৰ জৰিয়তে সুযোগ সৃষ্টি কৰিবলৈ চৰকাৰ যথেষ্ট আগ্রহী। ভাৰতত বিকশিত এক বহুমুখী সংযোগক্ষেত্ৰৰ জৰিয়তে ভূটান আৰু নেপালক বাংলাদেশ সৈতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পথৰ জৰিয়তে সংযোগ স্থাপন কৰা হ’ব। ভাৰতে ম্যানমাৰত ছিউৱে বন্দৰ বিকশিত কৰাৰ ফলস্বৰূপে বিবিয়ান – বিমষ্টেক – আছিয়ান দেশসমূহৰ মাজত আঞ্চলিক অর্থনৈতিক একত্ৰীকৰণ, পাৰস্পৰিক সহযোগিতা আৰু প্ৰসাৰ সুচাৰুৰূপে বৃদ্ধি হ’ব পাৰে। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমি ভৱিষ্যতে পৰিবহণৰ এক সুচল পদ্ধতি অৱলম্বন কৰাৰ বাবে এই অঞ্চলত অভ্যন্তৰীণ জলপথৰ গভীৰ আৰু দীঘলীয়া নেটৱৰ্কৰ একত্ৰীকৰণৰ বাবে কাম কৰি আছোঁ, যি হৈছে ব্যয়সন্মত, বহনক্ষম আৰু দক্ষ। এই অঞ্চলৰপৰা ৬০০ মিলিয়নৰো অধিক লোক এই প্ৰকল্পৰ পৰা লাভান্বিত হ’ব কিয়নো ই অঞ্চলটোত অর্থনৈতিক বিকাশ, বজাৰ প্ৰৱেশাধিকাৰ আৰু নিযুক্তি সৃষ্টিৰ বাবে নতুন বিকাশৰ ইঞ্জিন উত্তৰ-পূব ভাৰতক গতিশীল কৰাৰ সম্ভাৱনা আছে।” পূব ভাৰতত বিকাশ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সর্বানন্দ সোণোৱালে কয়, “ইষ্টার্ণ গ্রিডে ৪৯ বিলিয়ন ডলাৰৰ বহুপাক্ষিক বাণিজ্যৰ সম্ভাৱনা উন্মুক্ত কৰিব পাৰে। আমাৰ চৰকাৰে পূব ভাৰতত বিকাশ ত্বৰান্বিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। প্রধানমন্ত্ৰী মোদীজীয়ে উত্তৰ-পূব ভাৰতৰ আৰ্থ- সামাজিক দিশবোৰ উন্নত কৰাৰ বাবে বিশেষ গুৰুত্ব দি আহিছে। এই গ্রিডে উত্তৰ-পূব ভাৰতক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে গঢ়ি তোলাত বিশেষ সহায় কৰিব।”  এই অনুষ্ঠানটোত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়, পি এইচ ডি চি চি আই আদিৰ উচ্চপদস্থ বিষয়াসকল প্ৰমুখ্যে উদ্যোগপতি, উদ্যমী আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।