শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “ৰুক্মিণী হৰণ” নাটভাগ মঞ্চস্থ 

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত “ৰুক্মিণী হৰণ” নাটভাগ মঞ্চস্থ 

ৰঙিলী বাৰ্ত্তাসেৱা-  গত ২৫ মার্চ ২০২৩ তাৰিখে শঙ্কৰ মাধব সাংস্কৃতিক গোষ্ঠী, শঙ্কৰদেৱ নগৰ, পাঞ্জাবাৰী, গুৱাহাটী উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ, শঙ্কৰদেৱ আন্তৰ্জাতিক প্রেক্ষাগৃহত পোনপ্ৰথম বাৰৰ বাবে সম্পূর্ণ নীতি আৰু পৰম্পৰাৰে মহিলা সকলে “মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ ৰচিত নাটভাগ “ৰুক্মিণী হৰণ” নাটভাগ মঞ্চস্থ কৰে। এক ইতিহাস সূচনাৰে প্ৰথমবাৰৰ বাবে গায়ন-বায়ন, দোহাৰ, পৰিচালনা আৰু অভিনয়ৰ যোগেদি মহিলা সকলৰ এইয়া সমগ্ৰ অসম তথা ভাৰতবৰ্ষত প্রথম পদক্ষেপ। বৰ্ত্তমান দিনৰ ভাওনাৰ এক আধুনিক গতিধাৰাৰ বিপৰীতে সম্পূর্ণ শুদ্ধভাৱে অঙ্কীয়া ভাওনা, গীত-মাত, শ্লোক আদিৰে পৰিবেশন কৰাৰ এইয়া এক নতুন প্ৰচেষ্টাৰ বিপুল দৰ্শকৰ মাজত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত, বায়নাচাৰ্য্যই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। শ্ৰীযুত কুশল ঠাকুৰীয়া, প্ৰধান সম্পাদক, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাপে অনুষ্ঠান মুকলি কৰে। বিশিষ্ট সাহিত্যিক শ্ৰীযুতা অনুৰাধা শৰ্মা পূজাৰী আৰু বিশিষ্ট সমাজ সেৱিকা ড° শিখা বেজবৰুৱা গোস্বামী বাইদেৱে অগ্নিগড়ৰ বন্তি প্ৰজ্বলন কৰি ভাওনা শুভাৰম্ভ কৰে আৰু লগে লগে মহিলা বায়নে ভাওনা মুকলি কৰে। মঞ্চত বিশিষ্ট সাংস্কৃতিক সাধক ড° যাদৱ বৰা আৰু ড° ৰুক্মিণী বৰা উপস্থিত থাকি অনুষ্ঠানৰ সাক্ষী হয়। মহিলাৰ ভাওনা ভাগ অঙ্কীয়া নাটৰ বৈশিষ্ট মর্মে সূত্ৰধাৰীয়ে আৰম্ভ কৰি সুত্ৰধাৰীয়ে শেষত সমাপ্তি কৰে।