চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰাগ, এন ডি ২৪, প্ৰতিদিন, দূৰদৰ্শন
ৰঙিলী বাৰ্ত্তাসেৱা- এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – টুৱেণ্টী ক্ৰিকেটত প্ৰাগ নিউজ, এন ডি ২৪, অসমীয়া প্ৰতিদিন গ্ৰুপ আৰু দূৰদৰ্শন, অসমে ছেমি ফাইনেলত উপনীত হৈছে । ২৮ মাৰ্চ, মঙলবাৰে অন্তিম দিনাৰ লীগৰ প্ৰথম মেচত শিলচৰ প্ৰেছ ক্লাবে ৬ উইকেটত পৰাস্ত কৰে জি এল পাব্লিকেচনক । গুৱাহাটীৰ জজ ফিল্ডত পুৱা মেচখন উদ্ধোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী দত্তই । প্ৰথমে বেট ধৰি জি এল পাব্লিকেচন দলে ৬ টা উইকেট হেৰুৱাই কৰে ১৪৩ ৰাণ । দলৰ বিশাল কুমাৰ শৰ্মাই ৪১ টা বলত ৪ টা ছিক্সাৰসহ ৬৪, আজাদ হুছেইনে ৪৪ আৰু অধিনায়ক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁয়ে এটা ছিক্সাৰসহ ১৮ ৰাণ কৰে । বলিঙত ২ টাকৈ উইকেট দখল কৰে বিমান সিনহা, অনুপম ৰয় আৰু অধিনায়ক মকচুদুল চৌধুৰীয়ে । প্ৰত্যুত্তৰত শিলচৰে ১৫ অভাৰত ৪ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে । দলৰ দুই অপেনাৰ ৰাহুল দাস আৰু অমালভ দাস উভয়ে ৪১ ৰাণকৈ কৰে । অনুপম ৰয়ৰ বেটৰ পৰা আহিল ১৫ ৰাণ । বলিঙত মনোজ দুৱৰাই দুটা, প্ৰভাকৰ শইকীয়া আৰু ৰাজ ৰহমানে এটাকৈ উইকেট দখল কৰে । বিজয়ী দলৰ অনুপম ৰয়ক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে ‘গণ অধিকাৰ’ৰ স্বত্তাধিকাৰী ছাহজাহান তালুকদাৰে । বিয়লি দ্বিতীয় খন মেচত অসমীয়া প্ৰতিদিন গ্ৰুপে ১১৬ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে গণ অধিকাৰ দলক । প্ৰথমে বেট ধৰি প্ৰতিদিনে তৌহিদ আলী তালুকদাৰৰ অপৰাজিত ৫৬, জগজিৎ সিঙৰ ৩৭ আৰু ৱাছিম আহমেদৰ ১২ ৰাণৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটত কৰে ১৭৮ ৰাণ । বলিঙত প্ৰতিপক্ষৰ আশীষ তিৱাৰীয়ে ২ টা, সৌৰভ নাথ আৰু এইছ আৰ ভূঞাই এটাকৈ উইকেট লাভ কৰে । প্ৰত্যুত্তৰত গণ অধিকাৰ দলে ১০.৪ অভাৰত ৬২ ৰাণতে ইনিংছ সামৰে । সতীৰ্থৰ ব্যৰ্থতাৰ মাজতে সৌৰভ নাথে ১১ বলত ৩ টা বাউণ্ডেৰীসহ ১৭ আৰু ৰূপম নাথে ১২ ৰাণ কৰে । বলিঙত বিজয়ী দলৰ তৌহিদ আৰু ৱাছিম আহমেদে ৩ টাকৈ উইকেট দখল কৰে । অবিনাশ ঠাকুৰীয়াই ২ টা আৰু পাৰ্থিৱ হাজৰিকাই ১ টা উইকেট পায় । বেটে বলে উজ্বলি উঠা তৌহিদ আলী তালুকদাৰক মেন অৱ দ্য মেচৰ ট্ৰফী প্ৰদান কৰা হয় । খেলৰ আম্পায়াৰদ্বয় বুলবুল দাস আৰু বাপন দাস । স্কৰাৰ আৰিফ শইকীয়া । ২৯ মাৰ্চ, বুধবাৰে পুৱা প্ৰথম ছেমি ফাইনেলত প্ৰাগ নিউজে এন ডি ২৪ দলৰ বিৰুদ্ধে আৰু বিয়লি দ্বিতীয় ছেমি ফাইনেলত অসমীয়া প্ৰতিদিন গ্ৰুপে দূৰদৰ্শন, অসমৰ বিৰুদ্ধে খেলিব । উল্লেখ্য যে ৩০ মাৰ্চ, বৃহস্পতিবাৰে ফাইনেল মেচ উদ্ধোধন কৰিব গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগেন শৰণীয়াই । সামৰণি অনুষ্ঠানত অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।
