জোখতকৈ বেছি ভাল হ’লেই  বিপদ – চন্দ্ৰ শেখৰ পৰাজুলী

জোখতকৈ বেছি ভাল হ’লেই  বিপদ

চন্দ্ৰ শেখৰ পৰাজুলী,
বিশ্বনাথ চাৰিআলি
মানুহে যেতিয়া বাঁহৰ বাৰিত বাঁহ কাটিবলৈ সোমাই। তেতিয়া প্ৰায় সকলোবোৰ মানুহে চিধা বাঁহ গছ জোপাকে প্ৰথমে কাটিবলৈ লয়। চকুৰ সন্মুখত বহুতো টেৰা-বেকা বাঁহ থাকিলেও পোন প্ৰথমতে আহি চিধা চিধিকৈ লপলপাই বগাই যোবা বাহঁ গছ জোপাকে বিচাৰি বিচাৰি কাটিবলৈ আৰম্ভ কৰোঁ। অৰ্থাৎ আমি চিধাচিধি মানুহ হোৱাটো কোনো বেয়া কথা নহয় । কিন্তু ইমানেই চিধাচিধি মানুহো নহ’ব যাতে সকলোৰে প্ৰধান আৰু প্ৰথম লক্ষ্য আপোনাকে কৰি লয় । চাওঁক আজিকালি যুগ বহুতো সলনি হ’ল। এই সংসাৰত এতিয়া ভাল বস্তু, ভাল মানুহ,ভাল কামৰ স্থান দিনক দিনে নাইকীয়া হৈ পৰিছে। বৰ্তমান সময়ত জোখতকৈ বেছি ভাল হ’লেই  বিপদ।অতীততে মানুহৰ বহুত সহজ-সৰল জীৱন প্ৰণালী আছিল। আৰু তেতিয়াৰ মানুহৰ স্বভাৱ চৰিত্ৰবোৰ বৰ ভদ্ৰ-নম্ৰ আছিল। অতীতত মানুহৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ নাছিল। নিজে কৰিছিল আৰু নিজে খাই,বৈ বৰ আনন্দতে জীৱন নিৰ্বাহ কৰিছিল। তেতিয়া আনৰ অনিষ্ট সাধন কৰা দূৰৰে কথা । আনৰ অনিষ্ট সাধনৰ কথা মনলৈ আহিলেও এক পাপৰ সমতুল্য বুলি বিবেচনা কৰিছিল । কিন্তু সময়ৰ সোঁতত লাহে লাহে আমাৰ সংসাৰ খন আধুনিকতাৰ ফালে ঢপলি মেলিলে। শিক্ষা, বিজ্ঞান, ঔদ্যোগিক ক্ষেত্ৰখনত এক নতুন ক্ৰান্তিৰ সূচনা হ’ল। আৰু ইয়াৰ লগে লগে সলনি হবলৈ ধৰিল মানুহ সংস্কাৰ,স্বভাৱ-চৰিত্ৰ। আচলতে এতিয়া বেয়া কথাবোৰেই ভাল হৈ পৰিল আৰু ভাল কথাবোৰ যেন এতিয়া অশুৱনি লাগিবলৈ আৰম্ভ কৰিছে। মুঠতে এতিয়া আপুনি আহি মোক ঠগিছে, মই‌‌ গৈ বেলেগ কাৰোবাৰ ঠগিবলৈ বাধ্য হৈছোঁ । এনেকৈয়ে আমাৰ সংসাৰখন বিকশিত দিশলৈ ধাৱমান হৈছে নে ধ্বংসৰ দিশে গতি কৰিছে?।গতিকে সময়ৰ লগত নিজকে সলনি কৰিবলৈ হ’লে প্ৰথমতে নিজকে এবাৰ প্ৰশ্ন কৰক ?। মই জোখতকৈ বৰ বেছি ভাল নেকি বাৰু ?। জোখতকৈ বেছি ভাল, জোখতকৈ বেছি চিধা মানুহ এই সময়ছোৱাত জীৱন নিৰ্বাহ কৰিবলৈ বৰ কষ্টকৰ। আপুনি আনক অন্যায় নকৰে সেইটো বৰ ভাল কথা । কিন্তু ইমানো মূৰ্খ নহ’ব যাতে আপুনি সদায় আনৰ অন্যায় সহ্য কৰিব লগিয়া হয়। মানি ললো আপুনি সকলোবোৰ অন্যায় দুখ কষ্ট সহ্য কৰিবলৈ সক্ষম। কিন্তু ইয়াৰো একো একোটা সীমা থাকে। সেই সকলোবোৰ সীমা চেৰাই যোৱাৰ পাছতো যদি আপুনি এনেই হাতত হাত ধৰি বহি থাকে তেন্তে আপুনি সমাজ এখনত কেৱল এক নিন্দনীয়ৰ পাত্ৰ ৰূপে পৰিগণিত হ’ব।