সফলতাৰ বাট বিচাৰি- নুৰজামাল আলী

Pc- Be World Class
সফলতাৰ বাট বিচাৰি
জীৱনটোত ইমানেই বেছি কষ্ট কৰিম,
এদিন বাতৰি কাকত আৰু টিভি স্ক্ৰিনৰ হেডলাইন বনিম।।
মনে প্ৰাণে সপোন বোৰ দিঠক কৰাত লাগিম,
লাগিলে কষ্টত নিজৰ জীৱন দান দিম।
চেষ্টা মই অসংখ্য কৰিম,
ভৰষা মাখো সৃষ্টি কৰ্তাৰ ওচৰতেই ৰাখিম,
এতিয়া অপমান আৰু উপেক্ষা কৰা সকলৰ মুখুশ মই সেইদিনা খুলিম।।
আৰে, সকলোৱে তেতিয়া উখল মাখল কৰিব,
আজি অপমান কৰা সকলেও সেইদিনা মোক ছাৰ বুলি মাতিব।
ইমানে‌ কষ্ট কৰিম, ইমানেই কষ্ট কৰিম,
নিজৰ ভাগ্য নিজেই পৰিবৰ্তন কৰি দিম।
মোক চাই জ্বলা বোৰে তেতিয়াও ঠিকেই জ্বলিব,
ভিতৰত জ্বলিলেও প্ৰশংসা কিন্তু মোৰ তেতিয়া নিশ্চয় কৰিব।।
জীৱনত ইমানেই বেছি কষ্ট কৰিম,
সকলোৰে মুখুশ মই সেইদিনাই খুলিম।
আকাশ চুব মন মোৰ, আকাশত উৰি,
ওলাই আহিছোঁ মই, সফলতাৰ বাট বিচাৰি।
সকলোৱে ক’ব তেতিয়া ডেউকা দুখন মেলি আকাশত উৰ,,
নামনি অসমৰ বৰপেটা ল’ৰা ময়েই নুৰ।
একো ঠিক নাই কিমান দিন জীয়াই থাকিম।।
নামত নহয় ভাই এদিন কামত পৰিচয় জিলিকাই তুলিম।।
নুৰজামাল আলী