চৰাই
নীল আকাশত চৰাইবোৰ উৰিছে
পাখিতেই দেখিছো উৰণীয়া সপোন;
ধৰাক সাৱটি যেন উলাহেৰে গৈছে
কিবা যেন চৰাইবোৰ লাগে আপোন।
চৰাইবোৰ চাই হেঁপাহ নপলাই
ৰঙীন পাখীৰে ধৰা কৰিলে ৰঙীন;
চৰাইৰ সম যেন মোহনীয় নাই
এনে লাগে পক্ষীৰ সৈতে হওঁ বিলীন।
দূৰ-দূৰণিৰ পৰা যে বাতৰি আনে
মোৰো যেন চৰাইবোৰে সোধে খবৰ;
আজিকালি পক্ষীৰ গীত কোনেনো শুনে
কিবা যেন অৰ্থ বুজাইছে জীৱনৰ।
সকলো লাগে থাকিব সুখ সম্প্ৰীতিৰে,
তেতিয়া জানা জীৱন ভৰিব সুখেৰে।
–নিতিষ্মান দাস
অষ্টম শ্ৰেণী