এন কে প্রডাকচনৰ নতুন অসমীয়া চলচ্চিত্ৰ “শ্লেমবুক”

এন কে প্রডাকচনৰ নতুন অসমীয়া চলচ্চিত্ৰ “শ্লেমবুক”

ৰঙিলী বাৰ্ত্তাসেৱা-  চাৰিটা দশক ধৰি অসমৰ সাংস্কৃতিক জগতখনৰ চিনাকি নাম এন কে প্ৰডাকচনৰ বেনাৰত দেৱ বৰকটকীয়ে প্ৰয়োজনা কৰা নতুন অসমীয়া চলচ্চিত্ৰ “শ্লেমবুক”ৰ সংগীত মুকলি কৰা হয়। দেওবাৰে মহানগৰীৰ কাহিলিপাৰাস্থিত এন কে ৰেছিডেন্সীত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ছবিখনিৰ গীতসমূহত মুকলি কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে। অনুষ্ঠানটোত উপস্থিত থাকে শিল্পী তথা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, জনপ্ৰিয় অভিনেতা যতীন বৰা, গীতিকাৰ-কণ্ঠশিল্পী দিগন্ত ভাৰতী, গৰিমা শইকীয়া গাৰ্গ প্ৰমুখ্যে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি। কৈশোৰৰ প্রথম প্রেম– জীৱনত কেতিয়াও পাহৰিব নোৱাৰা এক অধ্যায়, এসাগৰ স্মৃতি যাৰ প্রতিটো মূহূর্ত আমি অসীম আৰু আৱেগ আনন্দৰে চিৰদিন মনত ৰাখিব বিচাৰো। সেই মধূৰ সময়ৰ পটভূমিতে এন কে প্রডাকচনৰ নতুন চিনেমা ‘শ্লেম বুক’ৰ কাহিনী। এন কে প্রডাকচনে দীর্ঘদিন ধৰি উচ্চমানবিশিষ্ট তথা বহুল জনপ্রিয় শ্রব্য কেছেট, চিনেমা, ধাৰাবাহিক আদিৰ নির্মাণেৰে অসমীয়া বিনোদন জগতলৈ অৱদান আগবঢ়াই আহিছে। ‘তুমি মোৰ মাথোঁ মোৰ’, ‘মায়া’, ‘জানমণি’, “দূৰদৰ্শন-এটি যন্ত্ৰ” আদিয়ে অসমৰ ৰাইজৰ অন্তৰত সুকীয়া ঠাই দখল কৰি আছে। কলা আৰু সৃষ্টিৰ এই যাত্রা অব্যাহত ৰাখি এন কে প্রডাকচনে নিৰ্মাণ কৰা নতুন ছবি ‘শ্লেম বুক’ অহা ৫ মে’ত চিত্ৰগৃহলৈ আহিব। পৰিচালনাৰ দায়িত্বত আছে ছবি নির্মাণৰ প্রতি নিজৰ সমস্ত আৱেগেৰে সমর্পিত এজন প্রতিভাশালী যুৱক প্রাঞ্জল গয়াৰী। চিত্রনাট্য-সংলাপ লিখিছে বিষ্ণুজ্যোতি সন্দিকৈয়ে। নিজৰ সুৰ-সংগীত-কণ্ঠৰে শ্রোতা-দর্শকক যোৱা প্রায় তিনি দশক ধৰি মোহাচ্ছন্ন কৰি ৰখা হার্টথ্র’ব জুবিন গার্গে ছবিখনৰ সংগীত পৰিচালনা কৰিছে। ছবিখনিৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, ৰূহিত সোণাৰ, প্ৰবীণ বৰা, অৰুন্ধতী ভানুপ্ৰিয়া, মিনৰাভা বৰাই। গীতিকাৰ- জুবিন গাৰ্গ, দিগন্ত ভাৰতী, শশাংক সমীৰ, ৰাহুল গৌতম শৰ্মা। ছবিখনিত অভিনয় কৰিছে ক্ৰমে-নিৰুপম শইকীয়া, শ্ৰেষ্ঠা বি চৌধুৰী, সিদ্ধাৰ্থ মুখাৰ্জী, বিভুতিভূষণ হাজৰিকা, ৰূপম বৰুৱা, প্ৰিয়ংকা বৰুৱা, কাকলি সন্দিকৈ, পূনম লহকৰৰাণী বৰকটকী, ৰাজ দত্ত, চিন্ময় জে বৰগোহাঞি, জুবিন দাস, অভিনৱ গগৈ আদিয়ে।