জাগ্ৰত নাৰী – মনোজ বৰা

Pc NSW Government

জাগ্ৰত নাৰী

মনোজ বৰা, যোৰহাট 

আমি শান্তিকামী জাগ্ৰত নাৰী
আমাৰ আছে মহান শক্তি ।
আমাৰ আছে লক্ষ্য মহান অন্যায়ৰ
বিৰুদ্ধে যুঁজিম অবিৰাম ।
কনকলতা, মূলগাভৰুৰ দৰে যাম আগ
বাঢ়ি আমি শান্তিকামী জাগ্ৰত নাৰী ।
আমাক লাগে নিৰাপত্তা আমাক লাগে
মৰ্য্যদা সম অধিকাৰ বিচাৰো আমি
নাৰীৰ স্বাধীনতা ।
প্ৰজ্বলিত জ্ঞানৰ বন্তিৰে জগত পোহৰাই
ন্যায়ৰ পথেৰে আমি যাম আগুৱাই ।
আমি শান্তিকামী জাগ্ৰত নাৰী আমাৰ
আছে মহান শক্তি ।