মেট্ৰিকৰ পৰীক্ষা বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মেট্ৰিকৰ পৰীক্ষা বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে। সংবাদ মাধ্যমৰ আগত ৰণোজ পেগুৱে কয়, ‘‘ছেবাই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছে, মাজনিশা সিদ্ধান্ত ল’বলগীয়া হৈছে। কিবা ঘটিছে, চিআইডিত গোচৰ দিয়া হৈছে, মই আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতো কথা পাতিছো। ইয়াৰ উচিত তদন্ত হ’ব, দোষীয়ে শাস্তি পাব।’’ সাংবাদিকৰ প্ৰশ্নত পেগুৱে কয়, ‘‘২০০৬ চনৰ পিছত এইবাৰ এই দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। আমি তদন্তৰ নিৰ্দেশ দিছো। ছেবাই নিশ্চয় কিবা ক্লু পাইছে। তাৰ ভিত্তিত ছেবাই গোচৰ ৰুজু কৰিছে। ছেবাই এইটো উচিত বিবেচনা কৰিছে যে গোচৰ দিব লাগে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। তদন্তৰ খাটিৰত মই কিছু কথা কোৱা উচিত নহয়। আৰক্ষীয়ে তদন্ত কৰিব, ইয়াৰ সত্যতা ওলাই আহিব।’ ছেবাৰ দক্ষতাক লৈ কোনো সন্দেহ নাই বুলি মন্তব্য কৰি পেগুৱে কয়, ছেবাই সফলতাৰে টেট পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছে, গ্ৰেড ৩, গ্ৰেড ৪ৰ পৰীক্ষা পাতিছে, তেওঁলোকৰ দক্ষতাৰ ওপৰত মোৰ কোনো সন্দেহ নাই।