মোৰো এদিন মৃত্যু হ’ব
মোৰো এদিন মৃত্যু হ’ব
হয়তো মোৰ দেহৰ প্ৰতিটো অংগ
মাটিত বিলীন হোৱাৰ আগতে
সকলোৰে হৃদয়ৰ কোনোবা এটা কোণত
অংকিত হৈ থকা মইজনৰ প্ৰতিচ্ছবি
পাহৰণিৰ গৰ্ভত বিলীন হ’ব
নিয়মৰ বশৱৰ্তী হৈ বছৰেকত
প্ৰাণবায়ু নথকা মোৰ প্ৰতিচ্ছবিখন
ন মালাৰে উজ্বলি উঠিব
সময়ৰ কালচক্ৰত নাথাকিব ইয়াৰো অস্তিত্ব।
মোৰো এদিন মৃত্যু হ’ব
বিশাল এই পৃথিৱীৰ
মোৰ মৃত্যুত নহ’ব কোনো ক্ষতি
বতাহো আগৰদৰেই বলি থাকিব
নদীও প্ৰকাণ্ড লহৰ তুলি
সাগৰলৈ গতি কৰিব
ভাৱিলে ভয়ত কম্পমান শৰীৰ
সপোনৰ বাটকুৰি বাই
চিৰকাল নিদ্ৰাত মগন
চকুযুৰিৰ অন্তৰালত
মৃতদেহটোতকৈও ধূলিকণা
এটিৰ থাকিব পৃথিৱীত মূল্য।
জীৱন বাটৰ প্ৰতিটো
খোজ মৃত্যুৰ দুৱাৰডলিলৈ
মাথোঁ নাইযে ইয়াৰ সঠিক নিৰূপণ।
সকলো মিছা বুলি জানিও
কি লৈ কৰিম অহংকাৰ
যদিহে কৰো ধন প্ৰাচুৰ্যক লৈ অহংকাৰ
মৃত্যুমুখী শৰীৰত হৈ পৰিব ইও ম্লান
তেনেহলে কি লৈ কৰিম অহংকাৰ
সুদাহাতে মৃত্যুৰ দুৱাৰডলিলৈ
আগমন হৈ থকা শৰীৰটোক লৈ
মন মগজুত আজি অনেক প্ৰশ্নৰ বুৰবুৰণি
তাৰ মাজতে হৃদয়ে কয়
মৃত্যুৰ আগত যদি এন্ধাৰবুলীয়া
জীৱনবোৰক দেখুৱাব পাৰো
সামান্য হলেও পোহৰৰ বাট
দুখৰ অশ্ৰুৱে আৱৰি ৰখা মুখমণ্ডলত
যদি সানি দিব পাৰো হাঁহিৰ প্ৰলেপ
তেনেহলে মৃত্যুক লৈও চাগে
কৰিব পাৰিম অহংকাৰ।
মোহাইমিনুৰ ৰহমান
বেলশৰ