কংগ্ৰেছ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী অসুস্থ

Pc NDTV.com

কংগ্ৰেছ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী অসুস্থ

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধী অসুস্থ। দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে ছোনিয়া গান্ধীক। ব্ৰংকাইটিছত আক্ৰান্ত হোৱা ৭৬ বছৰীয়া কংগ্ৰেছ নেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিবলৈ দিছে হাস্পতাল কৰ্তৃপক্ষই। বৰ্তমান চিকিৎসকৰ তত্বাৱধানত আছে ছোনিয়া গান্ধী।  উল্লেখ কৰা অনুসৰি, ছোনিয়া গান্ধী বৰ্তমান চিকিৎসকৰ নিৰীক্ষণত আছে আৰু স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। চলিত বৰ্ষত দ্বিতীয়বাৰৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় ছোনিয়া গান্ধীক।ছাৰ গংগাৰাম হাস্পতালৰ ট্ৰাষ্ট ছ’চাইটীৰ অধ্যক্ষ ডি এছ ৰাণাই কয় যে বুকুৰ চিকিৎসা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা অৰূপ বসু আৰু তেওঁৰ দলৰ তত্বাৱধানত শ্ৰীমতী গান্ধীক ‘জ্বৰৰ বাবে’ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। জানুৱাৰী মাহতো ছোনিয়া গান্ধীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। শ্বাস–প্ৰশ্বাসজনিত সমস্যাৰ বাবে দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।