জালুকবাৰীস্থিত ৰেডিছন ব্লু’ত বি২বি সন্মিলন আৰু এক্সপ’
ৰঙিলী বাৰ্ত্তাসেৱা- জালুকবাৰীস্থিত ৰেডিছন ব্লু’ত বি২বি সন্মিলন আৰু এক্সপ’। কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আৰু সাংহাই সহযোগিতা সংস্থাৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। দুদিনীয়াকৈ কাৰ্যসূচীৰে পৰম্পৰাগত ঔষধ, চিকিৎসা বিজ্ঞানৰ সন্মিলনৰ লগতে চাৰিদিনীয়াকৈ এক্সপ’ অনুষ্ঠিত হৈছে । উদ্বোধনী অনুষ্ঠানত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জাপাৰা মহেন্দ্ৰভা উপস্থিত থাকে। লগতে ম্যানমাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ থেট খাইং ৱিন, মালদ্বীপৰ স্বাস্থ্যমন্ত্ৰী মহম্মদ চৈয়দ এই অনুষ্ঠানত উপস্থিত থাকে।উল্লেখ্য যে, ভাৰতকে ধৰি ১৭খন দেশৰ প্ৰায় ডেৰ শতাধিক প্ৰতিনিধিৰ এই সন্মিলন আৰু এক্সপ’ত শাৰীৰিকভাৱে অংশগ্ৰহণ কৰিব। বহু দেশৰ প্ৰতিনিধিয়ে ভাৰ্চুৱেলী এই সন্মিলন আৰু এক্সপ’ত অংশগ্ৰহণ কৰিব। এই সন্মিলন আৰু এক্সপ’ৰ মূল উদ্দেশ্য হৈছে পৰম্পৰাগত ঔষধৰ প্ৰচাৰ আৰু প্ৰসাৰ।ইফালে, সাধাৰণ ৰাইজৰ বাবে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা ব্যৱস্থাৰো আয়োজন কৰা হৈছে এই বি২বি এক্সপ’ত।